Breaking

চৰকাৰৰ শুভ বুদ্ধি উদয়ৰ কামনাৰে বঙাইগাঁৱৰ মা বাঘেশ্বৰী মন্দিৰত পূজা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

0 2,039

বৰ্তমান সময়ত দেশৰ যিটো পৰিস্থিতি মূল্যবৃদ্ধিয়ে ৰাইজক যেনে ধৰণে কোঙা কৰিছে, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যি আকাশলংঘী দাম এইবিলাকৰ পৰা ৰাইজে কেনেদৰে পৰিত্ৰাণ পায় তাৰ বাবে এতিয়া আমি দেৱীৰ চৰণত শৰণ লোৱাৰ বাহিৰে আৰু আন উপায় নাই ৷এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ মঙলবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বে পুৱাৰ ভাগত বঙাইগাঁও চহৰৰ ইতিহাস প্ৰসিদ্ধ মা বাঘেশ্বৰী মন্দিৰত উপস্থিত হৈ অসমবাসীৰ মংগল কামনা কৰি পূজা – অৰ্চনা কৰি মা বাঘেশ্বৰীৰ আশীষ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷ সভাতি বৰাই  কয় যে সাধাৰণতে আমি মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে চৰকাৰক আহ্বান জনাব লাগে ,কিন্তু চৰকাৰে হাত দাঙি দিছে ৷ গতিকে দেৱীৰ চৰণত শৰণ ল’বলগীয়া হৈছে ৷ চৰকাৰে এতিয়া পৰামৰ্শ দিছে মটৰ চাইকেলত তিনিজন যাবৰ কাৰণে ৷ কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে তেলতকৈ বেছি দামী পানী খাই থাকে তেওঁলোকে ৷ গতিকে তেলতকৈ বেছি দামী পানী খাই থকা মানুহে ৰাইজৰ দুখৰ কথা কেনেকৈ বুজিব ? মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ লৈ নমিনেচন দিবলৈ ঘূৰি ফুৰিছে আৰু মানুহক তথা সাংবাদিকসকলক কৈছে যে আপোনালোকে খোজ কাঢ়ি ঘূৰি ফুৰিব ৷ এতিয়া আজি আপোনালোকে  বঙাইগাঁৱত কমেও এশ কিলোমিটাৰ দিনটোত খোজ কাঢ়িব লাগিব ৷ এনেকুৱা ধৰণৰ চিন্তা- চৰ্চাৰে তথা এনেকুৱা পৰামৰ্শৰে দেশ চলাব বিচৰা মানুহখিনিকো যাতে দেৱী মায়ে শুভ বুদ্ধি দি তেওঁলোকৰ মনত যাতে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি অলপমান হলেও চিন্তা , চেতনা আৰু অনুকম্পা আহে আৰু বৰ্তমান ৰাইজে যে পূজাৰ মাজত মূল্যবৃদ্ধিৰ ফলত চকুৰে সৰিহফুল দেখিছে তথা মূল্যবৃদ্ধিয়ে পূজাৰ গোটেই আনন্দটোকে হেঁচা মাৰি ধৰিছে তাৰ কাৰণে চৰকাৰৰ যাতে অলপ শুভবুদ্ধি আহে তাৰ কাৰণেও মা দূৰ্গাৰ ওচৰত আৰু মা বাঘেশ্বৰী মন্দিৰত প্ৰণিপাত জনোৱা বুলি কয় ৷ আমহাতে মটৰ চাইকেলত তিনিজনকৈ উঠিবলৈ বিজেপিৰ ৰাজ্যিক সভাপতিৰ অদ্ভূত মন্তব্য সন্দৰ্ভত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে প্ৰথমে সাংবাদিকসকলকহে পৰামৰ্শ দিছে ৷ সাংবাদিকসকলেতো সদায় গাড়ীত ঘূৰি ফুৰে ৷ গতিকে এতিয়া আৰু আপোনালোকক লাইভ ভান নালাগে ৷ কেমেৰা এটা লৈ পুৱাই আপোনালোকে ঘৰৰ পৰা ওলাব ৷ বঙাইগাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰ পুৱাই আপোনালোকে পাব লাগিব ৷ তাৰ পিচত নিশা দুই বজাত আপোনালোকে ঘৰ পাবহি ৷ এনেকুৱা পৰামৰ্শ ,এনেকুৱা ধৃষ্টতা আৰু এনেকুৱা ধৰণৰ চিন্তা – চৰ্চা কেতিয়া আহে ? কাৰণ এওঁলোকৰ এতিয়া মাটিত ভৰিয়েই নাই ৷ ক্ষমতাৰ ৰাগিত এনেকুৱা এটা পৰ্যায়লৈ গুচি গ’ল যে আমাক ভাৱিছে পৃথিৱীৰ মানুহ আৰু তেওঁলোক মানে স্বৰ্গৰ পৰা নামি অহা দেৱতা ৷ দেৱতাসকলৰ এতিয়া এয়াই বাণী ৷ এজন ৰামেশ্বৰ তেলীৰ দৰে মন্ত্ৰী যি শ্ৰমিকৰ ঘৰৰ পৰা গৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছে তেওঁকলৈ আমি গৌৰৱ কৰিছিলো ৷ এগৰাকী শ্ৰমিক নেতা শেষত কেন্দ্ৰীয় মন্ত্ৰী হৈছে ৷তেওঁ এতিয়া মানুহক কয় যে আমিতো এতিয়া তেলতকৈ বেছি দামী পানী খাই আছো ৷ তেওঁ খাব পাৰে এশ টকাৰ ওপৰত পানী ৷ আমিতো খাই পোৱা নাই ৷ মইতো এতিয়ালৈকে অসমত এক লিটাৰ পানী এশ টকাৰে খাই পোৱা এজনকো লগ পোৱা নাই ৷ এজনেই পালো ৷ গতিকে এজনে যেতিয়া এশ টকাৰ ওপৰৰ পানী খাইছে তেওঁতো এইখন পৃথিৱীৰ মানুহ হ’বই নোৱাৰে ৷ তেওঁতো স্বৰ্গৰ পৰা নামি অহা কোনোবা দেবাদি দেৱ দেৱতা হ’ব লাগিব ৷ সেইকাৰণে মই মা বাঘেশ্বৰীৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে এওঁলোকৰ মুখতো অলপ লেকাম দিয়ক ৷ হৃদয়ত অলপ ৰাইজৰ কাৰণে যদি অনুভূতি নাহে তেতিয়াহলে পুতৌ আহক ৷ লগতে সাংবাদিকসকলৰ প্ৰতিও অলপ সন্মান আহক ৷ কেনেকৈ সাংবাদিকসকলে পুৱাৰ পৰা গধুলিলৈকে দিনটো সমাজৰ স্বাৰ্থত ঘূৰি ফুৰে  , কি পায় কি নাপায় একো অনুভৱেই নাই ৷ পোনচাতেই কৈ দিলে খোজ কাঢ়ি ঘূৰি ফুৰক ৷ এইধৰণৰ মানুহখিনিৰ বাবে এতিয়া আমি সকলোৱে ভাৱিছো যে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাব লাগিব যাতে এওঁলোকৰ সু বুদ্ধি উদয় হয় ৷ কাৰণ এওঁলোকৰ হাতত শাসনযন্ত্ৰ আছে ৷ গতিকে এওঁলোকৰ যদি বুদ্ধিৰ মতিভ্ৰম হ’বলগীয়া হয় , তেতিয়াহলে ৰাইজৰ  আৰু বিপদ হ’ব ৷ এওঁলোকৰ মতিভ্ৰম হ’বলৈ আৰম্ভ হৈছে ৷ তেওঁলোকৰ সুস্থ মানসিকতাৰ কাৰণে এতিয়া আমি দেৱীৰ চৰণত প্ৰাৰ্থনা জনাব লাগে ৷ ইপিনেউপ নিৰ্বাচন সন্দৰ্ভত কি আশা কৰে বুলি সাংবাদিকে প্ৰশ্ন কৰাত সভাপতি বৰাই কয় যে এতিয়া আমি গোসাইগাঁওলৈ গৈ আছো আৰু গৈ থাকোতে বাঘেশ্বৰী মাৰ ওচৰত যি প্ৰাৰ্থনা জনাইছো আমাৰ বিশ্বাস অসমৰ ৰাউজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে ,অসমত বিৰোধী শক্তি শক্তিশালী কৰিবৰ কাৰণে অসম বিধান সভাত মূৰে ভৰি কৰা ক্ষমতাই মূৰত ধৰা এই চৰকাৰখনৰ বিৰুদ্ধে এক শক্তিশালী ৰাজহুৱা স্বাৰ্থত যুঁজ দিবৰ কাৰণে আহি থকা সময়ত আমাক মা বাঘেশ্বৰীয়ে আশীৰ্বাদ দিব আৰু সেই আশীৰ্বাদে আমাক বিজয়মালা পিন্ধাব বুলি আমি আশাবাদী ৷ গোসাইগাঁও সমষ্টিটো পূৰ্বে বিপিএফৰ দখলত থকাত এইবাৰ কি হ’ব বুলি সোধা সাংবাদিকৰ প্ৰশ্নত সভাপতি বৰাই কয় যে আমি এতিয়া মহাজোঁটত নাই ৷ কংগ্ৰেছ হিচাপে এতিয়া সেই অঞ্চলৰ এজন নিষ্ঠাবান সমাজকৰ্মী জুৱেল টুডুক প্ৰাৰ্থিত্ব দিয়া হৈছে  ৷ বিপিএফ আৰু ইউপিপিএলৰ বৰ্তমান যিটো অৱস্থা সেইটো সকলো ৰাইজে দেখি আছে ৷ এটা সময়ত বড়োলেণ্ডৰ যি জাতীয়তাবাদ আৰু যি আঞ্চলিকতাবাদ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ নেতৃত্বত গঢ়ি উঠিছিল আজি সেই জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ আসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দবা খেলৰ পিলুৰ নিচিনা হ’ল ৷ দবা খেলত আমি যিদৰে খেলুৱৈসকলে কোনটো পিলু আগত দিম আৰু কোনটো পিচত দিম ভাৱি খেলি থাকো এতিয়া বিটিআৰ অঞ্চলৰ জাতীয়তাবাদ ,আঞ্চলিকতাবাদ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ওপৰত থকা দবা খেলৰ দুটা পিলু ৷ গতিকে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে নিজৰ দলটোক এটা ৰাষ্ট্ৰীয়তাবাদী হিন্দুত্ববাদী দলৰ পকেটত ভৰাই দিব বিচৰা এই নেতাসকলক এতিয়া আৰু অসমৰ ৰাইজে বিশ্বাসত নলয় ৷ আনহাতে এআইইউডিএফ সন্দৰ্ভত কয় যে এআইইউডিএফ এতিয়া বিৰোধী নহয় ৷ বৰং বিজেপি সমৰ্থিত বিৰোধী দল ৷ কাৰণ এআইইউডিএফৰ এজন জ্যেষ্ঠ বিধায়কে কৈছে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ৷ কাৰণ তেওঁলোক মানুহ এটা মাৰিলেও ওপৰত জপিয়ায় ৷ এইগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালত তেওঁৰ ভায়েকৰ নিৰ্দেশত এটা মৃতদেহৰ ওপৰত জপিয়ায় আৰু সেই মানুহজনক এআইইউডিএফৰ বিধায়ক চিৰাজুদ্দিন আজমলে কৈছে সেইজন অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ৷ আনহাতে ককায়েক আজমলে কৈছে যে ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিচত হেনো আগৰৰ ব্যৱসায় ৰমৰমীয়া হৈছে ৷ ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে কৈছিল যে আজমল ফাউণ্ডেতনে সন্ত্ৰাসবাদীৰ পৰা ধন লয় ৷ আনকি সেই আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে নিয়াৰ দ্বাৰা তদন্ত কৰিলে ৷ এতিয়া আকৌ আজমল ফাউণ্ডেচনৰ পৰা মুখ্যমন্ত্ৰীয়ে টকা লৈছে ৷ গতিকে এওঁলোক কেনেকুৱা বিৰোধী, এওঁলোকৰ সম্বন্ধ কেনেকুৱা সেয়া আমি ক’ব নালাগে ৷ সংবাদ মাধ্যমৰ টেলিভিচনৰ পৰ্দাত ৰাইজে দেখি আছে ৷ সেইধৰণৰ মুখাধাৰী বিৰোধী বিলাকক দবা খেলৰ পিলুৰ নিচিনাকে নিজকে ব্যৱহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হাতৰ পুতলা হোৱা বিৰোধীসকলক ৰাইজে এইসময়ত প্ৰতিহিত কৰিব ,চিনাক্ত কৰিব ৷ সেইকাৰণে আমি কংগ্ৰেছ দল বিজয়ী হ’ম ৷ ইপিনে থাওৰা সমষ্টিত বিৰোধীয়ে বিৰোধীৰ অথাৰ্ৎ অখিল গগৈয়ে কংগ্ৰেছকহে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে বুলি প্ৰশ্ন কৰাত কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে কয় যে বিৰোধী বিৰোধী এইকাৰণে হৈছে যে বিৰোধী দুবিধ ৷ এবিধ হৈছে বিৰোধীৰ  নামত ঠিকাদাৰ আৰু এবিধ হৈছে বিৰোধী ৷ আজি কংগ্ৰেছ দলৰ  মোক কোনোবাই কিবা কয় ,কাৰোবাক কোনোবাই কিবা কয় ৷ যিটো দলৰ মূল মানুহজন মহামানৱ মহাত্মা গান্ধীক আনটো দলৰ যিজন মূল মানুহ নাথুৰাম গডচেই হত্যা কৰিছিল এই দল দুটাৰ মাজত কেতিয়াবা বুজাবুজি হ’ব পাৰে নেকি ? এটা হৈছে নাথুৰাম গডচেৰ আদৰ্শৰে অনুপ্ৰাণিত আৰু এটা হৈছে মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত  ৷ গতিকে গান্ধী আৰু নাথুৰাম গডচেৰ মাজত কেতিয়াবা বুজাবুজি হ’ব পাৰে নেকি ? আমাক কোনোবাই অভিযোগ কৰে ৷ এজন দুজন ব্যক্তিৰ কথা হ’ব পাৰে৷  সুশান্ত বৰগোহাই ,ৰূপজ্যোতি কুৰ্মীৰ দৰে ঘৰ বিভিষণতো ৰামায়ণতো আছে ৷  এনেকুৱা চৰিত্ৰ মহাভাৰততো আছে ৷ এই চৰিত্ৰটোৰ কাৰণে আদৰ্শৰ বিপৰ্যয় নঘটে ৷ এজন ব্যক্তিৰ বিপৰ্যয় ঘটিব ৷ আদৰ্শ আৰু নীতিৰ মাজত যি যুদ্ধ হৈছে এই যুদ্ধ নতুনকৈ ভূপেন বৰাই আৰম্ভ কৰা নাই  ৷ গান্ধীজীৰ সময়ৰ পৰা নাথুৰাম গডচেই আৰম্ভ কৰিছিল৷ নাথুৰাম গডচেৰ আদৰ্শৰে অনুপ্ৰাণিত সেইসকলে গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিতসকলক তেতিয়াও আক্ৰমণ কৰিছে আৰু এতিয়াও আক্ৰমণ কৰিব ৷ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছক লক্ষ্য কৰি লোৱা সন্দৰ্ভত কয় যে অখিল গগৈয়ে যি  বুলিয়ে লক্ষ্য নকৰক কিয় মানুহে বুজি পাই আছে ৷ বিজেপিয়ে নাথুৰাম গডচেৰ মূৰ্তি সাজিছে ৷ অসমত শ্যামাপ্ৰসাদ মূখাৰ্জীৰ মূৰ্তি সাজিছে ৷ আমি শংকৰ – মাধৱ, কামাখ্যা,বাঘেশ্বৰীক পূজা কৰো ,সেৱা কৰো  ৷  তেওঁলোকে সেৱা কৰে নাথুৰাম গডচে, শ্যামাপ্ৰসাদ মূখাৰ্জী,দীনদয়াল উপাধ্যায়ক ৷আমি নকৰো ৷আমি লক্ষ্মীনাথ বেজবৰুৱা,জ্যোতিপ্ৰসাদ আগৰৱালা,ভূপেন হাজৰিকা ,ফণী – বিষ্ণুক সেৱা কৰো ৷ গতিকে আদৰ্শগত পাৰ্থক্য আৰু নীতিগত পাৰ্থক্য আছে ৷ কিন্তু ইয়াত কিছুমানে নিজকে শ্ৰীখন্দি হিচাপে ব্যৱহাৰ হৈছে ৷ ধন- ক্ষমতা সৰ্বোচ্চ ৰাজনীতিত বহু মানুহে নিজকে নিয়ন্ত্ৰণ কৰিব বিচৰা নাই ৷  এবাৰ ভাৱে যে আমি বিজেপিক প্ৰতিহত কৰিম ৷ কিন্তু যেতিয়া সন্মুখত এটা ধনৰ টোপোলা আহি যায় আৰু ক্ষমতাৰ কিছু অংশ উপভোগ কৰাৰ সুবিধা আহি যায় তেতিয়া তেওঁলোক বিচলিত হৈ যায় ৷ এই বিচলিত মানুহখিনিকো এইবাৰ অসমৰ ৰাইজে চিনাক্ত কৰি আহি থকা সময়ত ৰাজনৈতিক এটা সংস্কাৰ তথা নতুন প্ৰজন্মই যাতে এটা আদৰ্শ আৰু মূল্যবোধৰ ওপৰত অনুপ্ৰাণিত হয় তাৰ কাৰণে এইবাৰ অসমৰ মানুহৰ হৈ এই পাঁচটা সমষ্টিৰ ৰাইজে সিদ্ধান্ত ল’ব বুলি আমি দৃঢ় বিশ্বাস ৰাখিছো বুলি কয় ৷ উল্লেখ্য যে মন্দিৰত সভাপতিগৰাকীয়ে পূজা দিয়াৰ সময়ত জিলা কংগ্ৰেছৰ সভাপতি মৃণাল অধিকাৰী,  জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সাৰদা ৰায় চৌধুৰী , প্ৰেদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্য আদি উপস্থিত থাকে  ৷

Leave A Reply