Breaking

ডিমৌৰ লাইবিলত ৰাজ্যৰ বাননিয়ন্ত্ৰণ মন্ত্রী পিয়ুষ হাজৰিকাই পৰিদৰ্শন কৰিলে দিহিং নদীৰ বিধস্ত গড়াখহনীয়া

0 2,064

শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ অতিকৈ ভিতৰুৱা নিতাই মৌজাৰ গোঁহাইপুখুৰী পঞ্চায়তৰ জৰাজীৰ্ণ তথা বিধস্ত লাইবিলৰ দিহিঙৰ মথাউৰি আজি দিনৰ প্ৰায় ১১-৩০ মান বজাত পৰিদৰ্শন কৰে ৰাজ্যৰ  জলসম্পদ মন্ত্ৰী পিযুজ হাজৰিকাৰ । মন্ত্ৰীজনে সমষ্টিটোৰ  নিতাই মৌজাৰ লাইবিলৰ দিহিং নদী আৰু বকতা মৌজাত দিচাং  নদীৰ গৰাখহনীয়া হোৱা স্থানসমূহ পৰিদৰ্শন কৰি এক স্থায়ী সমাধানৰ পোষকতা কৰে। মন্ত্রীগৰাকীৰ লগত সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু প্ৰাক্তন বিজেপি  বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণুকমল বৰাসহ জলসম্পদ বিভাগৰ  অভিযন্তা,ঠিকাদাৰসহ প্ৰায় অৰ্ধশতাধিক বিষয়াৰ সৈতে নিতাইপুখুৰী মৌজাৰ দিহিং নৈ-পৰীয়া লাইবিলত  উপস্থিত হৈ দিহিঙৰ বিধস্ত খহনীয়াস্থলী প্ৰত্যক্ষ কৰে আৰু স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ মনৰ ভাৱ বুজ লয়। যোৱা কেইবাটাও দশক ধৰি ৰাজ্যৰ কোনো এজন বাননিয়ন্ত্ৰণ মন্ত্রীয়ে এই বিধস্ত দিহিং নদীৰ লাইবিলত উপস্থিত হোৱা নাছিল আৰু আজি মন্ত্রী পিয়ুষ হাজৰিকাই নতুনকৈ দায়িত্ব লাভ কৰিয়েই সেই স্হানত খহনীয়া ৰোধৰ বাবে দিহিঙৰ মথাউৰিৰ ৫০ মিটাৰ দৈৰ্ঘৰ অংশত অব্যাহত থকা চেমি পাৰমেনেন্ট জিঅ বেগৰ কামৰ অগ্ৰগতিৰ বুজ লয়।মন্ত্রীজনে পূৰ্বতকৈ ক্ষীপ্ৰগতিৰে ৰাজ্যৰ বিভিন্ন স্হানত মন্ত্ৰীজনে   পৰ্যায়ক্ৰমে মথাউৰি নিৰ্মাণ আৰু গৰাখহনীয়াৰ কাম কৰি যোৱা হ’ব বুলি ঘোষণা কৰে। দিহিঙৰ মথাউৰি পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুস হাজৰিকাক ডিমৌৰ সাংবাদিকক কয় যে  মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মই প্ৰতিটো অঞ্চললৈ গৈ গৰাখহনীয়া পৰিদৰ্শন কৰিছো আৰু সমস্যা সমাধান কৰিবলৈ যত্ন কৰিম। থাওৰাৰ লাইবিল আৰু দিহিং কলঘৰৰ গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে ইতিমধ্যে জিঅ’বেগ দি প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে। এই জিঅ’বেগ সমুহৰ ২৫ বছৰ ভেলিডেটি আৰু তিনি বছৰলৈকে এই অংশ সুৰক্ষিত হৈ থাকিব বুলি কয়। ইফালে বহুল চৰ্চিত ডিমৌ নদীৰ  মথাউৰি নিৰ্মাণৰ তিনিমাহ নহওঁতেই ছিৰাল ফাট মেলা বিষয়ত মন্ত্ৰী পীয়ুজ হাজৰিকাই কয় যে উক্ত কামৰ বিল ঠিকাদাৰক মুকলি কৰি দিয়া হোৱা নাই। কাম সম্পূৰ্ণ নকৰালৈকে কোনো ঠিকাদাৰক বিল মুকলি কৰি নিদিবলৈ আৰু কামৰ তদন্ত কৰিবলৈ বিভাগীয় কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে।  বাৰিষা আহিলেহে জলসম্পদ বিভাগে মথাউৰিৰ কাম কৰে বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয় মই বাৰিষা হোৱা মন্ত্ৰী। প্ৰথমবাৰলৈ দিহিমুখলৈ আহি কেনে লাগিল বুলি সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় যে খিলঞ্জীয়া, ভূমিপুত্ৰৰ অঞ্চললৈ আহিছো ভাল লাগিছে। এই অঞ্চলত ভাল কাম এটা কৰিব পাৰিলে বেছি সুখী হম।  ইয়াৰ পিছতে তেওঁ থাওৰা সমষ্টিৰ বকতা কোঁৱৰ গাঁৱৰ দিচাঙৰ মথাউৰি পৰিদৰ্শন কৰে আৰু আবেলি দিচাংমুখৰ অফলাত দিচাঙৰ গৰাখহনীয়া পৰিদৰ্শন কৰিব ।

Leave A Reply