Breaking

তামিলনাডুত সকলো শ্ৰেণীৰ পাঠদান একেলগে আৰম্ভ কৰাৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ

0 1,320

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ পাঁচখন ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ ৷ ইয়াৰ মাজতে দেশৰ অধিকাংশ ৰাজ্যত ২১ ছেপ্টেম্বৰৰ পৰা নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব ৷ কৰ’না পৰিস্থিতিৰ নিয়ন্ত্ৰণ হ’লেই সকলো শ্ৰেণীৰ পাঠদান একেলগে আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে তামিলনাডু চৰকাৰে ৷ উল্লেখ্য যে এইখন ৰাজ্যত কৰ’নাত আক্ৰান্ত ৫,৩৬,৭৭৮ জন আৰু মৃত্যু হৈছে ৮,৭৫১ জনৰ ৷ পৰ্যায়ক্ৰমে বিদ্যালয় খোলাৰ কথাত গুৰুত্ব দিয়া নাই তামিলনাডুৰ শিক্ষা মন্ত্ৰী কে এ ছেনগোটিয়ানে ৷ তেওঁ কয়, চৰকাৰে কেইটামান সপ্তাহত ৰাজ্যত কৰ’না পৰিস্থিতি চাব ৷ তাৰ পাচত সকলো বিদ্যালয় খোলি দিয়া হ’ব ৷ ছিফ্ট ক্লাছ নহয় ৷ সামাজিক দূৰত্ব বিধি মানি বিদ্যালয়ৰ চলাই নিয়াৰ পৰিকাঠামো ৰাজ্যখনত কৰা হ’ব ৷ উল্লেখ্য যে কৰ’না সংক্ৰমণৰ বাবে দেশত যোৱা ২৫ মাৰ্চৰ পৰা বিদ্যালয়বোৰ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ আনহাতে ছেপ্টেম্বৰত আৰম্ভ হৈছে আনলক ৪.০। এই সময়তে ২১ ছেপ্টেম্বৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদান আৰম্ভ কৰাৰ কথা ভাবিছে বিভিন্ন ৰাজ্যই ৷

Leave A Reply