Breaking

নামনি অসমৰ বঙাইগাঁও জিলাৰ শ্ৰম বিভাগৰ নৱ নিৰ্মিত কায্যালয় উদ্ধোধন ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষানৰ

0 1,591

ৰাজ্য চৰকাৰৰ চাহ জনজাতি কল্যাণ আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে আজি নামনি অসমৰ কেন্দ্ৰীয় বিন্দু স্বৰূপ বঙাইগাঁও জিলাৰ শ্ৰম বিভাগৰ জিলা কায্যালয়তো উদ্ধোধন কৰে।প্ৰাপ্ত বাতৰি মতে আজি ৰাতিপুৱা ১০বজাত নামনি অসমৰ বঙাইগাঁও সদৰ চহৰত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিষান আৰু আমোলা বিষয়া সকল।আৰু তেওঁ জিলা বিজেপি কায্যালয়ত উপস্থিত হৈ তাৰ পৰা যায় বঙাইগাঁও জিলা শ্ৰম বিভাগৰ নৱ নিৰ্মিত কায্যালয়ত।

মন্ত্ৰী গৰাকীয়ে নৱ নিৰ্মিত কায্যালয়তো উদ্ধোধন কৰাৰ লগতে এক সভাত অংশ গ্ৰহণ কৰে।সভাত মন্ত্ৰী গৰাকীয়ে বিভিন্ন সাৰুৱা ভাষণ দিয়াৰ লগতে চি-পি-আই(এম)ৰ শীৰ্ষ নেতা তথা বঙাইগাঁও ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হৰেশ্বৰ দাস ,জিলা সভা নেত্ৰী হিমানী অধিকাৰী , জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, আৰু আমোলা বিষয়া নেতা সকলে ভাষণ দিয়ে বুলি বাতৰিটোত প্ৰকাশ।


বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ প্ৰতিবেদন

Leave A Reply