Breaking

বিধায়ক পদ্মৰ “কন্যকা” দেখি অভিভূত মন্ত্ৰীদ্বয় অতুল বৰা-ফণীভূষণ চৌধুৰী : জামুগুৰিহাটত মতা মাছ, মাইকী মাছ চিনি পোৱাৰ অভিজ্ঞতা লাভ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ

0 142

জামুগুৰিহাট

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত প্ৰায় দুহেজাৰো অধিক কৃষি ভূমিক সামৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই একক প্ৰচেষ্টাৰে গঢ় দিয়া বিশাল “কন্যকা কৃষি পাম”খন কালি পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে৷ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ বিনিময়ত ফলে-ফুলে জাতিষ্কাৰ হৈ থকা বিশাল কৃষি পামখন পৰিভ্ৰমন কৰি অভিভূত হৈ পৰে ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী দুগৰাকী৷ জৈৱিক পদ্ধতিৰে উৎপাদিত কৰা বিভিন্ন শাক-পাচলিৰ লগতে বিশুদ্ধ গাখীৰ, মাছ-মাংসৰ উপৰি অসমীয়া জাতীয় সাজপাৰ উৎপাদনৰে ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজাৰ দখল কৰি এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা “কন্যকা কৃষি পাম”ৰ নতুন সংযোজন হিচাপে বৈজ্ঞানিক পদ্ধতিৰে থলুৱা মাছৰ পোনা উৎপাদনৰ শুভাৰম্ভ কৰাৰ বাবে কালি বিয়লিৰ ভাগত উপস্থিত হৈছিল ৰাজ্য চৰকাৰৰ মন্ত্ৰী দুগৰাকী৷ প্ৰায় দুঘণ্টাৰো অধিক সময় ধৰি কৃষি পামখনত উপস্থিত থাকি দুয়োগৰাকী মন্ত্ৰীয়ে পামখনৰ উৎপাদিত প্ৰতিটো বস্তুৱেই স্বচক্ষে প্ৰত্যক্ষ কৰাৰ লগতে পামখনত কিদৰে জৈৱিক পদ্ধতিৰে শাক-পাচলি উৎপাদন কৰা হৈছে আৰু ইয়াত নিয়োজিত হৈ থকা শিক্ষিত যুৱকসকলে কিদৰে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি ল’বলৈ সক্ষম হৈছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰে৷ জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত অৱস্থিত এই কৃষি পামখন পৰিদৰ্শন কৰি ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা উৎফুল্লিত আৰু অভিভূত হৈ পৰে৷ ৰাজ্যৰ কৃষিমন্ত্ৰীগৰাকীয়ে “কন্যকা” পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে জীয়াভৰলীৰ পাৰত বিধায়ক পদ্মৰ কঠোৰ পৰিশ্ৰমৰ বিনিময়ত গঢ়লৈ উঠা “কন্যকা” কৃষি পামখন হৈছে অসমৰ অৰ্থনীতিৰ এক সম্পদ৷ চতিয়া সমষ্টিত গঢ় লৈ উঠা কৰ্ম সংস্কৃতিৰ মূলতে হ’ল এই “কন্যকা” কৃষি পাম৷ ইয়াত কিদৰে জৈৱিক পদ্ধতিৰে শাক-পাচলি উৎপাদন কৰা হৈছে, মৎস্য উৎপাদন কৰা হৈছে, ষ্ট্ৰ’বেৰিৰ দৰে ফলৰ উৎপাদন কৰা হৈছে সেয়া চাই নগ’লে পাম খনৰ বিষয়ে অনুমান কৰা হয়টো কঠিন৷ “কন্যকা”ৰ লগত জড়িত প্ৰতিজন ব্যক্তি অসমৰ বাবে অনুকৰণীয় বুলি উল্লেখ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে অনাগত দিনত পামখনৰ উন্নয়নৰ বাবেই আৰ্থিক অনুদানো আগবঢ়োৱা হ’ব বুলি ব্যক্ত কৰে৷ ইফালে “কন্যকা”ৰ নতুন সংযোজন বৈজ্ঞানিক পদ্ধতিৰে থলুৱা মাছৰ পোনা উৎপাদনৰ বাবে লোৱা পদক্ষেপৰ শুভাৰম্ভ কৰি যোগান মন্ত্ৰী তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে মাছক নিজ হাতৰে বেজী দিয়াৰ লগতে যোগান মন্ত্ৰীগৰাকীয়ে জীৱনত প্ৰথমবাৰৰ বাবে “কন্যকা”লৈ আহি মতা মাছ, মাইকী মাছ চিনি পোৱাৰ অভিজ্ঞতা লাভ কৰিলে বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰে৷ “কন্যকা” ভ্ৰমনলৈ অহা ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী দুগৰাকীক চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিজে সংগ দি “কন্যকা” পৰিভ্ৰমণ কৰোৱাৰ লগতে সাংবাদিকৰ আগত কয় যে “কন্যকা”ত এইবাৰ বৈজ্ঞানিক পদ্ধতিৰে প্ৰায় পাঁচ কোটি মাছৰ পোনা উৎপাদনৰ লক্ষ্য লৈছে আৰু এই মাছৰ পোনাবোৰ “কন্যকা”ৰ নিজস্ব পুখুৰীৰ লগতে চতিয়া সমষ্টিৰ অন্তৰ্গত ২০ খনকৈ গাঁও পঞ্চায়তত গঠন কৰা ৪০০ আত্মসহায়ক গোটে এম জি এনৰেগা আৰু আই বি এছ আঁচনিৰ অধীনত খন্দোওৱা ৫০০ টা পুখুৰীত মাছৰ পোনাবোৰ পালন কৰি মাছ উৎপাদনৰ বিশাল লক্ষ্য লোৱা হৈছে৷ তদুপৰি চতিয়াৰ বিধায়কগৰাকীয়ে সম্প্ৰতি ক’ৰ’ণাই আনি দিয়া জটিল পৰিস্থিতিৰ বাবে ৰাজ্যৰ বাহিৰত থকা যিসকল সমষ্টিৰ যুৱক ঘৰলৈ উভতি আহিছে সেইসকলকো “কন্যকা”ৰ জড়িয়তে কিদৰে পুনৰ সংস্থাপনৰ বাট মোকলাই দিব পাৰি সেই সম্পৰ্কেও চিন্তা চৰ্চা অব্যাহত ৰখা বুলিও জানিবলৈ দিয়ে৷ উল্লেখযোগ্য যে “কন্যকা” ভ্ৰমনৰ সময়ত ৰাজ্য চৰকাৰৰ মন্ত্ৰী দুগৰাকীৰ লগত বিভাগীয় উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে৷

Leave A Reply