Breaking

সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিবৃতি : লাডাখত অবৈধভাৱে ৩৮,০০০ বর্গ কিলোমিটাৰ মাটি দখল চীনৰ

0 1,278

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰকৃত নিয়ন্ত্রণ ৰেখাত বাৰম্বাৰ পূৱ লাডাখ সীমান্ত উলংঘনৰ চেষ্টা চলাইছে চীনে ৷ তাক শক্তিশালীভাৱে প্ৰতিৰোধ কৰিছে সেনাবাহিনীয়ে ৷ মঙলবাৰে লোকসভাত লাডাখক লৈ বিবৃতি দিবলৈ গৈ এনেদৰে ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বিবৃতিত মন্ত্ৰীজনে স্বীকাৰ কৰে যে চীনৰ সৈতে সীমান্ত সমস্যা অমীমাংসিত হৈ আছে আৰু এই পৰ্যন্ত কোনো পাৰস্পৰিক বুজাবুজি হোৱা নাই ৷ দ্বিপাক্ষিক চুক্তি আৰু সীমাৰেখা অমান্য কৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত বহু সংখ্যক সশস্ত্ৰ সেনা মোতায়েন কৰিছে চীনে ৷ যি সীমাৰেখা ভৌগোলিক নীতিৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল আৰু যিটো ভাৰতে মানে ৷ মন্ত্ৰীজনে লগতে কয়, দ্বিপাক্ষিক সুসম্পর্কৰ বাবে সীমান্তত শান্তি শৃংখলা বজায় ৰখা উচিত ভাৰত আৰু চীন দুয়োখন দেশে ৷ এই ক্ষেত্ৰত ভাৰতে চীনক কূটনৈতিক স্তৰত কৈছে যি এককভাৱে সীমান্তত স্থিতাৱস্থা ভঙা দ্বিপাক্ষিক চুক্তি উলংঘন ৷ অথচ চীনা সেনাবাহিনীৰ হিংসাত্মক আচৰণৰ ফলত সকলো পুৰণা চুক্তি উলংঘা কৰা হৈছে ৷ সেয়ে ভাৰতীয় সেনাই নিজৰ সীমান্ত সুৰক্ষিত ৰখাত বল প্ৰয়োগ কৰিছে ৷ এই কথা সংসদত জনায় প্ৰতিৰক্ষা মন্ত্ৰীজনে ৷ মন্ত্ৰীজনে বিবৃতিত কয়, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাই কেৱল নহয় তাৰ ভিতৰত সোমাবলৈ বহু সেনাবাহিনী আৰু অস্ত্রশস্ত্র মোতায়েন কৰিছে চীনে ৷ পূৱ লাডাখত গোগৰা, কোংগকা হ্ৰদ, পেংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰ আদি বহু গন্দগোলৰ ঠাই আছে ৷ ভাৰতীয় সেনাই এই সকলোতে বাহিনী মোতায়েন কৰিছে ৷ ইয়াতে সংসদত ৰাজনাথ সিঙে আশ্বাস দিয়ে যে ভাৰতীয় সেনা সকলো ধৰণৰ পৰিস্থিতিৰ লজত যুঁজ কৰিবলৈ প্ৰস্তুত ৷ বিবৃতি দিবলৈ গৈ ৰাজনাথ সিঙে কয়, চীনা প্ৰতিৰক্ষা মন্ত্ৰীৰ লগত মই পৰিষ্কাৰ কৰি দিছিলো যে সীমান্ত ৰক্ষাত আমাৰ বাহিনীয়ে সকলো সময়তে দায়িত্বশীল পদক্ষেপ লৈছে ৷ কিন্তু এই সময়ত ভাৰতৰ সার্বভৌমত্ব ৰক্ষা আমাৰ লক্ষ্য লৈ কাৰো সন্দেহ থকা অনুচিত ৷ যোৱা ১৫ জুনত গালৱান উপত্যকাত চীনা সেনা পিএলএৰ আক্ৰমণত ভাৰতীয় জোৱানৰ মৃত্যুৰ কথা লোকসভাত এই প্ৰথম স্বীকাৰ কৰে বুলি তেওঁ দাবী কৰি কয় চীনা জোৱানৰো মৃত্যু হৈছিল ৷ চীনৰ সৈতে আগতে সীমান্তত সংঘৰ্ষ লাগিছিল ৷ লাডাখত অবৈধভাৱে ৩৮,০০০ বর্গ কিলোমিটাৰ মাটি দখল কৰিছে চীনে ৷ ইয়াৰ উপৰি ১৯৬৩ত হোৱা তথাকথিত চীন–পাকিস্তান চুক্তি অনুযায়ী, পাকিস্তান অধিকৃত কাশ্মীৰৰ ৫১৮০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূমি অবৈধভাৱে চীনৰ হাতত তুলি দিছে পাকিস্তানে ৷ সীমান্তত কৰ্তব্যৰত জোৱানৰ পোচাক, খোৱা সামগ্ৰী, গৰম কাপোৰ, ঔষধ আদি যথাযথ আৰু পৰ্যাপ্ত আছে বুলি মঙলবাৰে সংসদত আশ্বস্ত কৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৷

Leave A Reply