Breaking

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।অভয়াপুৰীৰ লেংটিছিঙাত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ আমছুৰ

0 71

লেংটিছিঙাত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ।অভয়াপুৰীৰ লেংটিছিঙাত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ আমছুৰ।চৰকাৰক তীব্ৰ সমালোচনা আমছুৰ।মাজনিশা হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ক্ষেত্ৰত চৰকাৰৰ লগতে শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উত্তৰ শালমাৰা জিলা আমছুৰ সভাপতি বাহাৰুল ইছলামৰ লগতে সম্পাদক খুৰৰ্শিদ আলমে।

ইপিনে প্ৰশ্ন কাকত ফাদিল আৰু শিক্ষা মন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লেংটিছিঙাত আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰে। আজিৰ কাৰ্যসূচীত অসম চৰকাৰ হায় হায়, শিক্ষা মন্ত্ৰী মুৰ্দাবাদ, শিক্ষা মন্ত্ৰী পদত্যাগ কৰক, শিক্ষা মন্ত্ৰী হায় হায় আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে প্ৰশ্নকাকত ফাদিলৰ বাবে শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী জনায় উত্তৰ শালমাৰা জিলা আমছুৱে।

অভয়াপুৰীৰ পৰা ইনামুল আহমেদৰ প্ৰতিবেদন

Leave A Reply