Breaking

নাজিৰাৰ লক্ষ্মীজান শৈল কুৱেৰীৰ পৰা চুৰি কৰি নিয়া ফকলেনসহ অ’ এন জি চিৰ ট্ৰেইলৰ নগাঁৱত উদ্ধাৰ : চালকসহ দুজনক কাৰাগাৰলৈ

0 46

নাজিৰা

নাজিৰা মহকুমাৰ লক্ষ্মীজান শৈল কুৱেৰীৰ পৰা চুৰি কৰি নিয়া এখন ফকলেনসহ অ’ এন জি চি অসম সম্পদৰ এখন ট্ৰেইলৰ নগাঁও জিলাৰ ৰূপহী আৰক্ষী থানাৰ আৰক্ষীয়ে জব্দ কৰা ঘটনাই নাজিৰাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চুৰি হোৱা ফকলেনসহ আৰক্ষীয়ে জব্দ কৰা অ’ এন জি চিৰ ট্ৰেইলৰখনৰ নম্বৰ এ এছ ০৪ এ চি – ৩৩৪৭। অ’এন জি চিৰ ঠিকাভিত্তিক চলি থকা ট্ৰেইলৰখনত চুৰি যন্ত্ৰও উদ্ধাৰ হোৱা ঘটনাইও আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নাজিৰাৰ তৌফিক আহমেদ নামৰ এজন যুৱকে শিল খননৰ বাবে প্ৰয়োজনীয় এখন ফকলেন নগাঁৱৰ ৰূপহীৰ ৰাজিবুল আলী আৰু বোকাখাতৰ শিৱ শংকৰ চাহুৰ পৰা চুক্তিবদ্ধহৈ ভাড়াত লয়। নাজিৰা মহকুমাৰ লক্ষ্মীজান বৰশিল অঞ্চলত শিল খনন কৰি থকা অৱস্থাতে ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউন হয়। এই লকডাউনৰ মাজতেই নগাঁৱৰ ৰূপহীৰ ৰাজিবুলে ফকলেনখন বিচাৰি তৌফিক আহমেদক হেঁচা দিয়ে। তৌফিক আহমেদে লকডাউনৰ বাবে ফকলেনখন নগাঁও অথবা বোকাখাতলৈ নিয়াটো কোনোপধ্যেই সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিয়ে। কিন্তু ৰাজিবুলে ফকলেনখন যিকোনো প্ৰকাৰে নিব বুলি হুংকাৰ দিয়ে। এনে এক পৰিস্থিতিৰ মাজতেই যোৱা ষোল্ল মে’ৰ নিশা লক্ষ্মীজান শৈল কুৱেৰীৰ পৰা অন্তৰ্ধান হয়। তৌফিক আহমেদে স্থানীয় আৰক্ষী থানাত সোতৰ মে’ত এখন এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি ৰাজিবুল আলী নামৰ ব্যক্তিজনে দালালৰ দ্বাৰা ফকলেনখন সংগোপনে নি তৌফিকৰ পৰা পুনৰ ফকলেনখনৰ মূল্য আদায় কৰাৰ পৰিকল্পনা কৰিছিল। ইফালে একাংশ লোকে নাজিৰাৰ পৰা শিৱসাগৰ অভিমুখে অ’ এন জি চিৰ এখন ট্ৰেলৰত ফকলেনএখন কঢ়িয়াই নিয়া প্ৰত্যক্ষ কৰে। সেই তথ্যৰ আধাৰতেই তৌফিকৰ সম্পৰ্কীয় লোকে নগাঁৱৰ হয়বৰ গাঁও আৰক্ষী থানাত খবৰ দিয়ে। উক্ত ফকলেনসহ ট্ৰেইলৰখন পথাৰত লুকুৱাই ৰখাৰ চেষ্টা কৰে৷ যোৱা নিশা নগাঁৱৰ হয়বৰ গাঁও আৰক্ষীয়ে ৰূপহী আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত ৰূপহী অঞ্চলৰ পথাৰৰ পৰা অ’ এন জি চিৰ ঠিকাভিত্তিক ভাৱে চলি থকা এ এছ ০৪ – ৩৩৪৭ নম্বৰৰ ট্ৰেইলৰখন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ট্ৰেইলৰখনৰ চালক আৰু সহকাৰী চালক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে লকডাউনৰ সুযোগ গ্ৰহণ কৰি নাজিৰা মহকুমাৰ বৰশিল, লক্ষ্মীজান, বিহুবৰ অঞ্চলৰ লগতে অসম-নাগালেণ্ডৰ সীমান্ত অঞ্চলৰ বিবদমান এলেকাত অবাধে শিলৰ খনন চলাই থকাটো উক্ত ঘটনাটোয়েই এক জলন্ত প্ৰমাণ দাঙি ধৰিছে৷

Leave A Reply