Breaking

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে…

0 88

শনিবাৰে ৰাতিপুৱা অহা ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত । গুৱাহাটী মহানগৰীত এই বৰষুণৰ প্ৰকোপ দেখিবলৈ পোৱা নাযায় যদিও দাতি-কাষৰীয়া অঞ্চলসমূহ বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয় বৰষুণ আৰু ধুমুহাৰ বাবে ।

৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰত বৃষ্টিপাতে ভূমিস্খলন সংঘটিত কৰাৰ ফলত বন্ধ হৈ পৰিছে সুৰংগ পথ । ইয়াৰ ওপৰিও ৰাষ্ট্ৰীয় ঘাইপথ বোকা পানীৰে ভৰি পৰাৰ ফলত ব্যাহত হৈ পৰিল যাতায়ত সেৱা । যাৰ ফলত প্ৰশাসনে সুৰংগ পথটো বন্ধ কৰি দিয়াৰ ওপৰিও অব্যাহত আছে মুকলিৰ বাবে প্ৰচেষ্টা ।

ইয়াৰ ওপৰিও ছিপাঝাৰত প্ৰচণ্ড ধুমুহাই ধ্বংস কৰিলে কেইবাটাও বাসগৃহ । ছিপাঝাৰতো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত ব্যাহত হৈ পৰিল যাতায়ত সেৱা ।

Leave A Reply