Breaking

কোভিড ৰোগীৰ মৃতদেহৰ অংশ শ্মশানৰ পৰা টানি আনিলে কুকুৰে

0 1,078

বৰপেটা চহৰত সংঘটিত হৈছে এক আজৱ কাণ্ড । কোভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ শ্মশানত সম্পূৰ্ণ সৎকাৰ নকৰাৰ ফলত মৃতদেহৰ এটি অংশ টানি আনিলে কুকুৰে । এই ঘটনা সংঘটিত হৈছে বৰপেটাৰ গান্ধী নগৰত । এই ঘটনাক লৈ স্থানীয় লোকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, কোভিডত আক্ৰান্ত হৈ কালি মৃত্যু হোৱা এগৰাকী ব্যক্তিৰ নশ্বৰদেহ প্ৰশাসনৰ উদ্যোগত বৰপেটা চহৰৰ মাজ মজিয়াত থকা “গান্ধীনগৰ শ্মশান”ত নিশা সৎকাৰ কৰে । কিন্তু অতি দুৰ্ভাগ্যজনক ভাবে উক্ত নশ্বৰদেহটো সম্পূৰ্ণ জাহ নোযোৱাটেই মৃতদেহৰ এটা অংশ কুকুৰে টানি আনি শ্মশানখনৰ সমীপত থকা বৰপেটা জিলা বিকলাংগ সন্থাৰ কাৰ্যালয় প্ৰাংগনলৈ আনে ৷

আজি পুৱাৰ ভাগত প্ৰত্যক্ষদৰ্শীয়ে এই খবৰ পোৱা মাত্ৰেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । অৱশেষত বৰপেটা জিলা প্ৰশাসনৰ তৎপৰতাত এটা বিশেষ দল উপস্থিত হৈ উক্ত অৰ্ধদগ্ধ নশ্বৰদেহৰ অংশটো উঠাই নিয়ে যদিও বৰপেটা জিলা বিকলাংগ সন্থাৰ কাৰ্যালয় চৌহদটো কোনো ধৰণৰ চেনিটাইজেচন কৰা নাই ।

এতিয়া প্ৰশ্ন হয়- এই ভয়াবহ কাণ্ড সংঘটিত কৰাৰ বাবে দায়ী কোন…?? যিসময়ত ভয়াৱহ কৰোণাক লৈ অধিক সচেতনতাৰ সৃষ্টি কৰি আহিছে , তেনে সময়ত কোভিড আক্ৰান্তৰ মৃতদেহক লৈ এইধৰণৰ অসাৱধানতাই সাধাৰণ লোকলৈ যে বিপদ কঢ়িয়াই আনিব সেয়া নুই কৰিব নোৱাৰি

Leave A Reply