Breaking

নুমলীগড়ত পৰিৱেশ সজগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন

0 1,225

বৃহস্পতিবাৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক’ আৰু য়ুথ ক্লাৱৰ উদ্যোগত পৰিবেশ সজাগতাৰ ওপৰত আন এক কাৰ্যসূচীত বাটৰ নাট প্ৰদৰ্শন কৰা হয়। প্ৰণৱ শইকীয়াই ৰচনা আৰু পৰিচালনা কৰা নাটখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চস্থ কৰে। গছ কটা বন্ধ কৰক, পৰিবেশ প্ৰদূষণ ৰোধ কৰক, প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰক আদি বাৰ্তাৰ যোগেদি পৰিবেশ সম্পৰ্কে সজাগতা সৃষ্টিৰ এক পদক্ষেপ গ্ৰহণ কৰা হয়।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী পৰশজোতি কছাৰী, অপৰাজিতা কুমাৰ, নেহা দেৱী, নিহাৰিকা বৰুৱা,নয়ন কুমাৰ,আকাশ তাঁতী আৰু নিশিতা বৰুৱাই অভিনয় কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনে পৰিবেশ সজাগতাৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। ইতিমধ্যে কেইবাখনো বাটৰ নাটৰ লগতে স্থানীয় বিদ্যালয়ত পৰিৱেশ সজাগতাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে উক্ত অনুষ্ঠানটোৱে।

Leave A Reply