Breaking

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গো সংৰক্ষণৰ বাবে কঠোৰ ব্যৱস্থা

0 1,286

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাজেৰে অবৈধভাৱে গৰুৰ সৰবৰাহ বন্ধ কৰাৰ লগতে বিধান সভাত গো সংৰক্ষণ বিধেয়ক উত্থাপন কৰাক লৈ চুবুৰীয়া  ৰাজ্য মেঘালয়ত বিভিন্ন দল সংগঠনে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিন্তু তাৰ  মাজতে সীমান্ত নিৰাপত্তা বাহিনীৰ (বি.এছ.এফ)  মেঘালয় ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক হৰদীপ সিঙে অসম চৰকাৰে গো সংৰক্ষণৰ বাবে বিধেয়ক উত্থাপন কৰাৰ পাছতেই মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ গৰুৰ চোৰাং বেহা কমি যোৱা  বুলি সংবাদ মেলত সদৰি কৰিছে। ১৯ জুলাইত মেঘালয় ফ্ৰণ্টিয়াৰৰ শ্বিলঙৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন  সংবাদ মেলত মহা পৰিদৰ্শক হৰদীপ সিঙে এই কথা সদৰি কৰে। সংবাদ মেলত হৰদীপ সিঙে কয় ভাৰত – বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ যিবোৰ অঞ্চলত তুলনামূলকভাৱে ঘন জংগল বা অৰণ্য আছে সেইবোৰ অঞ্চলত সুযোগ বুজি বাংলাদেশলৈ গৰুৰ চোৰাং বেহা চলি আছে। বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰাৰ বেছিভাগেই অসমৰ মাজেৰে আহে। ঈদৰ সময়ত এই চোৰাং বেহাৰ পৰিমাণৰ কেবাগুণো বৃদ্ধি পায়। কিন্তু প্ৰথম বাৰৰ বাবে অসমৰ মাজেৰে মেঘালয় হৈ বাংলাদেশলৈ গৰুৰ চোৰাং বেহা বহুখিনী কমি গৈছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে অসম চৰকাৰৰ গো সংৰক্ষণ  আৰু অসমৰ মাজেৰে অবৈধ গো সৰবৰাহ বন্ধ কৰাৰ বাবে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থা। আনহাতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে বাংলাদেশলৈ গৰুৰ লগতে কোনো নিষিদ্ধ বা নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ আৰু ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ যাতে হ’ব নোৱাৰে তাৰ বাবে বি.এছ.এফ. সদা সষ্টম হৈ থকা বুলি মহা পৰিদৰ্শক হৰদীপ সিঙে সদৰি কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে কোনো কাৰণতে অসমৰ মাজেৰে অবৈধ ভাৱে গৰু সৰবৰাহ হবলৈ নিদিয়ে বুলি পূৰ্বতে ঘোষণা কৰাৰ পাছত মেঘালয়ৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আনকি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাদ চাংমাই অসম চৰকাৰৰ বিধেয়কখন পৰীক্ষা কৰাৰ পাছতহে মেঘালয় চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি ব্যক্ত কৰে।

Leave A Reply