Breaking

তৈলক্ষেত্ৰ পুঁজিপতি বণিক গোষ্ঠীক গতাই দিয়াৰ সিদ্ধান্তত যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ বিৰোধিতা : সিদ্ধান্ত বাতিল নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ

0 59

নাজিৰা

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ক’ভিড-১৯ৰ প্ৰতিৰোমূলক ব্যৱস্থা হিচাপে লকডাউন অব্যাহত থকাৰ সময়তে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ে অতি গোপনে নৱৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এন জি চি)ৰ অসম সম্পদৰ প্ৰচুৰ সম্ভাৱনা পূৰ্ণ আৰু উৎপাদন ক্ষম সাতখনকৈ তৈলক্ষেত্ৰ পুঁজিপতি বণিক গোষ্ঠীক গতাই দিব লোৱা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দাদুল নেওগ আৰু সাধাৰণ সম্পাদক গৌতম গগৈয়ে ভাৰত চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বিবৃতি যোগে প্ৰকাশ কৰে যে ভাৰতৰ ৰাজহুৱা খণ্ডৰ মহাৰত্ন প্ৰতিষ্ঠান অ’ এন জি চি অসম সম্পদৰ অধীনস্থ ডিমুৱাল, সোণাৰি, নাহৰহাবী, চফ্ৰাই, চাংমাই গাঁও, পানীদিহিং, দিচাংমুখ আৰু লক্ষ্মীজান তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতাই দিয়াৰ আৰত বৃহৎ ষড়যন্ত্ৰ নিহিত হৈ আছে। কিয়নো ইয়াৰ পূৰ্বেও নিগমৰ অধীনস্থ আঠখনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতাই দিয়াৰ চেষ্টা কৰিছিল যদিও অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰৱল প্ৰতিবাদত সামৰিকভাৱে উক্ত সিদ্ধান্ত স্থগিত ৰাখিছিল যদিও অতি শেহতীয়াকৈ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ৰ গাত ভেজা দি অতি কৌশলেৰে অসমৰ সাতখনকৈ লাভজনক তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ ষড়যন্ত্ৰত নিপ্ত হৈছে। বিবৃতিটোত লগতে উল্লেখ কৰে যে অ’ এন জি চিৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ আৰু উৎপাদনক্ষম লাভজনক তৈলক্ষেত্ৰ সমূহ গতাই দিয়াৰ ষড়যন্ত্ৰৰ আৰত অ’ এন জি চিৰ একাংশ উচ্চ পদস্থ আৰু অসম বিৰোধী চক্ৰৰ হাত আছে। কিয়নো যি কেইখন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে যো-জা চলাই আছে উক্ত তৈলক্ষেত্ৰ সমূহৰ পৰা কিন্তু বৰ্তমানেও নিগমে প্ৰচুৰ পৰিমাণে তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন কৰি আছে। এই তৈলক্ষেত্ৰসমূহৰ পৰা নিগমৰ লোকচানৰ দোহাই দি নিগমৰ অসম সম্পদত সক্ৰিয় হৈ থকা অসম বিৰোধী চক্ৰটোৱে ননিজৰ মুনাফা লাভৰ বাবে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ লগত বুজাবুজি কৰি অ’ এনন জি চিৰ উদ্ধতম কৰ্তৃপক্ষ আৰু ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ক প্ৰতিবেদন দিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া। বিবৃতিটোত পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা অসম বিৰোধী চক্ৰটোক স্পষ্টভাৱে সকীয়াদি এনে কাৰ্যৰ পৰা বিৰত থকাৰ লগতে অ’ এন জি চিৰ উৰ্দ্ধতম কৰ্তৃপক্ষ আৰু ভাৰত চকাৰক কয় যে তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতাই দিয়াৰ পৰিৱৰ্তে উন্নত মানৰ প্ৰযূক্তি ব্যৱহাৰ কৰি তৈলক্ষেত্ৰৰ উৎপাদন বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগে৷ বিবৃতিটোত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তৰ হস্তক্ষেপ কৰাৰ লগতে অ’ এন জি চিৰ অসম সম্পদৰ উপৰি শিৱসাগৰ জিলা আৰু সমগ্ৰ অসমৰ জনসাধাৰণৰ আৱেগ জড়িত হৈ আছে। জনসাধাৰণৰ আশা আকাংক্ষাক ভেঙুচালী কৰি যি সিদ্ধান্ত এই সিদ্ধান্তক ততালিকে বাতিলৰ দাবী জনায়৷ অ’ এন জি চিৰ অসম সম্পদৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু নিবনুৱা জড়িত হৈ জীৱন নিৰ্বাহ কৰি আহিছে। এনেদৰে এদেউ দুদেউকৈ তৈলক্ষেত্ৰ সমূহ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতাই দিয়াত এসময়ত নিগমৰ সমগ্ৰ তৈল প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰি অসমৰ পৰা অ’ এন জি চিক লৈ যোৱাৰ ষড়যন্ত্ৰ কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে। বিবৃতিটোত লগতে অ’ এন জি চি অসম সম্পদৰ নৈগমিক সামাজিক দায়বদ্ধতা ( চি এছ আৰ ) উন্নয়ন আঁচনিৰ পৰা ৰাজ্য চৰকাৰক বঞ্চিত কৰি কেন্দ্ৰীয় চৰকাৰৰ সাহায্য পুঁঁজিলৈ নিয়াৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ বৃহৎ উদ্যোগীক প্ৰতিষ্ঠান অ’ এন জি চিৰ নৈসৰ্গিক সামাজিক দায়বদ্ধতা আঁচনিখন চিৰদিনৰ বাবে বন্ধ কৰি সেই আঁচনিৰ পি এম কৈয়াৰচ ফাণ্ড অৰ্থাৎ প্ৰধানমন্ত্ৰী সাহাৰ্য পুজিলৈ সংগৃহীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ ক’ৰ্পৰেট মন্ত্ৰ্যালয়ৰ পৰা প্ৰকাশিত ফাইল নং চি এছ আৰ ১- ৪- ২০২০ চি এছ আৰ এম চি এ আৰু জাননী নং ১৫ -০২ -২০২০ ৰ মতে প্ৰকাশ পোৱা সিদ্ধান্ত অনুসৰি ক’ৰ্পৰেট সমূহে ক’ৰোনা প্ৰতিৰোধী যুঁজৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বা ৰাজ্যিক সাহায্য পুজিলৈ আগবঢ়াই অহা আৰ্থিক বৰঙণি ক’ৰ্পৰেট সমূহক সামাজিক দায়বদ্ধতা শিতানৰ পুঁজি হিচাপে গণ্য কৰা নহ’ব । ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ মুকলি কৰা পি এম কেয়াৰ্চ ফাণ্ডতহে জমা হ’ব আৰু এই পুঁজিকহে কেন্দ্ৰীয় চৰকাৰে চি এছ আৰ হিচাপে গণ্য কৰিব৷ এই জাননীৰ পৰা স্পষ্ট হৈ পৰিছে যে ক’ৰোনাৰ গইনা লৈ কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘম্যাদী কালৰ বাবে ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ পৰা সামাজিক দায়বদ্ধতা উন্নয়ন আঁচনিৰ সমূদায় পুঁজি পি এম কেয়াৰ্চ ফাণ্ডলৈ সংগৃহীত কৰিব আৰু ৰাজ্য চৰকাৰে সেই আঁচনিৰ পৰা বঞ্চিত হ’ব। কেন্দ্ৰীয় চৰকাৰে এই দুয়োটা হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল নকৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসম আৰু অসমীয়াৰ আৰ্থ-সামাজিক দিশ সুৰক্ষিত কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি বিবৃতিটোৰ যোগে সকীয়াই দিয়ে৷

Leave A Reply