Breaking

মদৰ দোকানৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ

0 1,548

শোণিতপুৰ জিলাৰ তেজপুৰ মেডিকেল কলেজৰ সন্মুখত আবকাৰী বিভাগে অবৈধভাৱে বিলাতী মদৰ দোকানৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাত সৰৱ হৈ পৰিছে বিহগুৰী অঞ্চলৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন৷উল্লেখ্য যে ৰাইজে প্ৰতিবাদ জনোৱা সত্বেও শোণিতপুৰ জিলাৰ আবকাৰী বিভাগে এগৰাকী মহিলাৰ নামত অবৈধভাৱে মদৰ দোকান খুলিবলৈ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে৷

ইয়াকে লৈ আজি তেজপুৰ মেডিকেল কলেজৰ সন্মুখত পচ্ছিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিহগুৰী আঞ্চলিক সমিতি,নাথ যুগি ছাত্ৰ সন্থাৰ বিহগুৰী আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷প্ৰতিবাদকাৰী সকল অধিক উত্তেজিত হৈ পৰাত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা উপস্থিত হৈ মদৰ দোকান বন্ধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত প্ৰতিবাদকাৰী সকলে পথ মুকলি কৰি দিয়ে৷

শিঙৰীৰ পৰা প্ৰশান্ত বৈশ্যৰ প্ৰতিবেদন

Leave A Reply