Breaking

অসম মহিলা অভিযন্তা সন্থাৰ উদ্যোগত ছাত্র-ছাত্ৰীৰ দন্ত পৰীক্ষা শিবিৰ

0 2,037

ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন ‘অসম মহিলা অভিযন্তা সন্থা’ৰ উদ্যোগত যোৱা  ১৮ ফেব্ৰুৱাৰীত  গুৱাহাটীৰ  চচলৰ টেপুৰাম টেৰন হাইস্কুলত  ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বিনামূলীয়া   দন্ত পৰীক্ষা শিবিৰ অনুস্থিত হয়।

ভঙাগড়স্থিত “ৰিজিঅনেল ডেন্টেল ক্লিনিক”ৰ  ৬ জনীয়া দন্ত চিকিৎসকৰ এটি দল শিবিৰত উপস্থিত  ছাত্ৰ ছাত্ৰী সকলৰ  দাঁত পৰীক্ষা কৰি যাৱতীয় পৰামৰ্শ আৰু চিকিৎসা সেৱা  আগবঢ়ায়। তেনেদৰে   ছাত্ৰ  ছাত্ৰী সকলে নিজৰ  দাঁত দুপাৰি সুস্থ কৰি ৰাখিবলৈ পৰিস্কাৰ কৰি ৰখাৰসজাগতা অনাৰ  উদ্দেশ্যে অসম মহিলা অভিযন্তা সন্থাৰ তৰফৰ পৰা উপস্থিত সকলো ছাত্ৰ ছাত্ৰীকে টুথপেষ্ট আৰু  টুথব্ৰাচ উপহাৰ দিয়া হয় ।  তদুপৰি  ক’ভিড-১৯ মহামাৰীৰ  সংক্ৰমন পৰা নিজকে  ৰক্ষা কৰিবলৈ স্কুলখনৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত মাস্ক বিতৰণ কৰা হয়।

Leave A Reply