Breaking

টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ ভিৰ…

0 19

মানৱ সম্পদ গঢ়া চৰকাৰী খণ্ডৰ বিদ্যা মন্দিৰ সমুহৰ চৰম দুৰৱস্থাই সচেতন মহলৰ লগতে অভিভাৱক সকলক দুঃচিন্তাত পেলাইছে।মানৱ সভ্যতাৰ বিকাশ, উন্নয়ন আৰু স্থায়িত্ব প্ৰদান কৰাৰ মুখ্য জ্ঞান মন্দিৰটোৱেই হৈছে বিদ্যালয়। কিন্তু চৰকাৰী খণ্ডৰ বিদ্যা মন্দিৰ সমুহৰ দুৰৱস্থা, শিক্ষক সকলৰ ওপৰত জাপি দিয়া কামৰ বোজা আৰু বিদ্যালয় সমূহত প্ৰয়োজনীয় শিক্ষক নথকাৰ ফলত একান্ত ইচ্ছা, আগ্ৰহ থকাৰ পাছতো কিন্তু অভিভাৱক সকলে চৰকাৰী খণ্ডৰ বিদ্যালয় সমুহলৈ ঢাপলি মেলিবলৈ বাধ্য হৈ পৰিছে। আনকি বহু দুখীয়া পৰিয়ালৰ অভিভাৱক সকল এনে পৰিপ্ৰেক্ষিতত ভীষণ সমস্যাৰো সন্মুখীন নোহোৱা নহয়। ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ ঘটা আৰু শিশু কালৰ পৰা বিদ্যালয়তে সমস্ত মানৱ জাতিৰ সভ্যতআ-সংস্কঋতই, সাহিত্য, অৰ্থনীতি সকলো স্তৰতে উত্তৰণ ঘটা চৰকাৰী খণ্ডৰ বিদ্যালয়ক লৈ চৰকাৰৰ এয়া এক হেতালি নে সচেতন মহলৰ অভিযোগ উত্থাপিত হৈ অহাৰ দৰে চৰকাৰী বিদ্যালয় ধ্বংস কৰাৰ এক ষড়যন্ত্ৰ।

চৰকাৰী খণ্ডৰ গুৰু -শিষ্যৰ মহামিলন স্থলীৰ বিদ্যামন্দিৰ এনে অৱস্থাই সঁচাকৈয়ে ভবাই তুলিবলৈ বাধ্য কৰাইছে। দেশ স্বাধীন হোৱাৰ পাছত ১৯৪০ চনত টংলাত কেইগৰাকীমান বিদ্যানুৰাগী, সমাজহিতৈষী, বিশিষ্ট ব্যক্তিৰ আপ্ৰান প্ৰচেষ্টাত গঢ় লৈ উঠিছিল ট‍ংলা উচ্চ মাধ্যমিক বিদ্যালয়খন। শৈক্ষিক, বানিজ্যিক, সাংস্কৃতিক আৰু বৌদ্ধিক নগৰ টংলাৰ ভিতৰতে এখন সৰ্বাধিক ছাত্ৰ – ছাত্ৰ-ছাত্ৰী থকা চৰকাৰী খণ্ডৰ বিদ্যালয় টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এতিয়া নাম ভৰ্তি কৰাবৰ বাবে ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ মাজত হেতাওপৰা লগা পৰিলক্ষিত হৈছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে গিজগিজাই থকাৰ পাছতো সচৰাচৰ অভাৱগ্ৰস্ত অভিভাৱক সকলে নিজৰ সন্তানক এই বিদ্যালয়খনত নাম ভৰ্তি কৰিবলৈ প্ৰতিবছৰে হেতাওপৰা কৰা পৰিলক্ষিত হৈ আহিছে। উল্লেখযোগ্য যে শৈক্ষিক ক্ষেত্ৰখনত এক বিশেষ ভূমিকা গ্ৰহণ কৰি অহা টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত বৰ্তমান অধ্যয়নৰত ছাত্ৰ – ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ১২৬৮ গৰাকী। ইয়াৰে কেৱল নৱম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰী তিনিটা শাখাত ২৫০ গৰাকী। সেইদৰে ষষ্ঠ শ্ৰেণীত তিনিটা শাখাত মুঠ ছাত্ৰ – ছাত্ৰীৰ সংখ্যা হৈছে ১২০ গৰাকী। এইবেলিও ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে ২০০গৰাকী ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে নৱম শ্ৰেণীত ৫২ গৰাকী ছাত্ৰ -ছাত্ৰীয়েহে নাম ভৰ্তি কৰিব পৰা অৱস্থাত আছে তথাপিও অধিক ছাত্ৰ -ছাত্ৰীয়ে নাম ভৰ্তিৰ বাবে প্ৰ-পত্ৰ সংগ্ৰহ কৰাৰ প্ৰতি নজৰ ৰাখি বিদ্যালয় কতৃপক্ষই বাচনি পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হৈছে। অৱশ্যে বিদ্যালয়খনত নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ সংগ্ৰহ কৰাৰ পাছত প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে বাচনি পৰীক্ষা।

উল্লেখযোগ্য যে চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহত চৰকাৰে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা ব্যৱস্থা, বিনামূলীয়া সাজ-পোছাক, কিতাপ,বহী,মধ্যাহ্ন ভোজন, চাইকেল আদিৰ লগতে বিভিন্ন প্ৰতিযোগিতাত স্থান প্ৰাপক সকলক পুৰস্কৃত কৰি আহিছে যদিও কিন্তু খালি পদ সমুহৰ পুৰণৰ ক্ষেত্ৰত যথোপযুক্ত পদক্ষেপ গ্ৰহণ নকৰাত বহু বিদ্যালয় শৈক্ষিক যাত্ৰাত উজুতি খাবলগীয়া হোৱাই নহয় ছাত্ৰ – ছাত্ৰ-ছাত্ৰী সকল ভিষণ সমস্যাত পৰি আহিব লগা হৈছে।অনুৰোপ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খনত ৩২গৰাকী শিক্ষক থাকিব লাগে যদিও ইয়াৰ ইংৰাজী,অংক, অৰ্থনীতি বিজ্ঞান,সমাজ অধ্যয়ন, অসমীয়াকে ধৰি ৯ জনকৈ শিক্ষকৰ পদ খালি হৈ আছে। চহৰৰ মাজমজিয়াত অৱস্থিত এখন উল্লেখনীয় আৰু ৰাইজৰ দৃষ্টিত থকা উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে ৯ জনকৈ শিক্ষকৰ পদ খালি হৈ থকা কায্যই শিক্ষা বিভাগৰ প্ৰতি চৰকাৰ কিমান দায়বদ্বশীল সেইটোকে উদঙাই দিছে। বিদ্যালয়খনৰ এগৰাকী দায়িত্বশীল আৰু কৰ্তব্য নিষ্ঠাশীল অধ্যক্ষ হিচাপে পৰিগণিত হোৱা ড০ দিলীপ বৰুৱাই যিকোনো প্ৰকাৰে মোকামিলা কৰি শৈক্ষিক মাত্ৰা, শৈক্ষিক উত্তৰণ দিশটোত যাতে কোনো প্ৰকাৰে বাধা আহিব নোৱাৰে সেইদিশটোৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰি সুচাৰুৰূপে পৰিচালনা কৰি গৈ আছে।

Leave A Reply