Breaking

টংলাত হৰ ঘৰ ত্ৰিৰঙ্গা কাৰ্যসূচীৰ জন সজাগতা মূলক দেৱাল অংকন ছাত্র ছাত্ৰীৰ

0 1,591

ওদালগুৰি জিলাৰ অন্তৰ্গত শৈক্ষিক আৰু ক্ৰীড়া নগৰী টংলাত । গৌৰৱোজ্জ্বল স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক উদযাপন উপলক্ষে হৰ ঘৰ ত্ৰিৰঙ্গা কাৰ্যসূচীৰ ঘৰে ঘৰে পতাকা উত্তোলন সম্পৰ্কত জন জাগৰণ কৰাৰ মানসে আজাদী কি অমৃত মহোৎসৱ জন সমাজত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে টংলাত বিদ্যালয় সমূহৰ মাজত চাৰিটা বিষয় বস্তুদি টংলা পৌৰ সভাই টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ৱাল পেনটিং প্ৰতিযোগিতা অনুষ্ঠিত কৰে।উক্ত প্ৰতিযোগিতাত লটাছ ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ,জাতীয় বিদ্যালয় অসম টংলা, অৰুনোদই একাডেমি , চাইল্ড আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমী,কনভেণ্ট হাই স্কুল আদি বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

আনহাতে এইবাৰ স্বাধীনতা দিৱসৰ উপলক্ষে স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশেষ অভিযান “হৰ ঘৰ তিৰংগা” কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰাৰ উদ্দেশ্যেৰে আজি অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে বাইক ৰেলীত অংশগ্ৰহণ কৰে।

Leave A Reply