Breaking

কম্পিউটাৰ শিক্ষকক বিচাৰি ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ

0 2,227

যিটো সময়ত সমগ্ৰ দেশতে ছাত্ৰ ছাত্ৰী সকলে অনলাইন ক্লাছত ব্যস্ত হব লগীয়াত পৰিছে তেনে সময়তে ৰাজ্যৰ হেজাৰ হেজাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজীৱ গান্ধী কম্পিউটাৰ শিক্ষা আঁচনিৰ অধীনত কম্পিউটাৰ কক্ষ থকাৰ পাছতো এতিয়া ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ৰ কম্পিউটাৰ ৰুমত কম্পিউটাৰ  শিকিবলৈ শিক্ষকক বিচাৰি হাহাকাৰ কৰি থকা ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শৈক্ষিক মহলত। উল্লেখযোগ্য যে ২০০৩ চনতে ৰাজ্যৰ বিদ্যালয় সমূহত ৰাজীৱগান্ধী কম্পিউটাৰ স্বাক্ষৰতা অভিযান আঁচনিৰ জৰিয়তে কম্পিউটাৰ শিক্ষা আৰম্ভ কৰা হৈছিল। এমত্ৰনৰ অধীনত কেবাটাও ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে শ শ শিক্ষক নিযুক্তি দিয়া হৈছিল যদিও বছৰ বছৰ ধৰি শিক্ষকতা কৰা এই সকল শিক্ষকৰ চাকৰিৰ ম্যাদ যোৱা দুই তিনিটা বছৰত পৰ্যায় ক্ৰমে শেষ হয়। পুনৰ নিযুক্তিৰ বাবে কম্পিউটাৰ শিক্ষক সকলে বহু প্ৰতিবাদ, আন্দোলন কৰাৰ পাছত সৰ্বানন্দ সোনোৱাল চৰকাৰে যোৱা বছৰত বাণীকান্ত কম্পিউটাৰ স্বাক্ষৰতা আঁচনিৰ জৰিয়তে প্ৰায় এঘাৰশ শিক্ষকক পুনৰ নিযুক্তি দিয়ে যদিও সূক্ষ্ম কাৰণত দুই সহস্ৰাধিকৰো অধিক শিক্ষক বাদ পৰি যায় এই চাকৰিৰ পৰা। সম্প্ৰতি হাতত চাকৰিৰ বাবে উপযুক্ত অৰ্হতা লৈও নিজৰ চাকৰিৰ বাবে ৰৈ থাকিব লগা হৈছে এই সকল শিক্ষকে। ইফালে  বিদ্যালয় সমূহত কম্পিউটাৰৰ সুব্যৱস্থা থকাৰ পাছতো কম্পিউটাৰ শিকিবলৈ ছাত্ৰ ছাত্ৰী সকলে শিক্ষকক নাপায় হাহাকাৰ কৰিব লগা হৈছে। বহু বিদ্যালয়ত একাংশ ছাত্ৰ ছাত্রীয়ে কম্পিউটাৰ বিজ্ঞান ঐচ্ছিক বিষয় হিচাবে লৈ এতিয়া শিক্ষকক নাপাই হাহাকাৰ কৰিব লৈছে। আনহাতে, ৰাজীৱ গান্ধী কম্পিউটাৰ শিক্ষা আঁচনিৰ অধীনত ২০১৩ চনত ৭৫০ জন উচ্চ শিক্ষিত কম্পিউতাৰ শিক্ষকক এমত্ৰনৰ দ্বাৰা ঠিকা ভিত্তিক হিচাবে নিযুক্তি দিয়া হৈছিল। সেই সময়ত এই সকল শিক্ষকক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা স্নাতকলৈ নিম্নতম ৫০ শতাংশ নম্বৰ আৰু কম্পিউটাৰ ডিপ্লোমা বাধ্যতামূলক কৰি আৰু নিযুক্তিৰ পূৰ্বে পৰীক্ষা লৈ বাছনি কৰি চাকৰিত নিয়োগ কৰিছিল। ২০১৬ চনত এই সকল শিক্ষকৰ চাকৰিৰ ম্যাদ উকলি গৈছিল যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰে বাণীকান্ত কম্পিউটাৰ শিক্ষা আঁচনিৰ জৰিয়তে নিয়োগ কৰা কম্পিউটাৰ শিক্ষকৰ পৰা বাদ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই ৭৫০ গৰাকী উচ্চ শিক্ষিত ও সু অৰ্হতা সম্পন্ন শিক্ষকে। অভিযোগ মতে, বাণীকান্ত কাকতি আঁচনিত চাৰি বছৰ কম্পিউটাৰ শিক্ষক হিচাপে কাম কৰাৰ অভিজ্ঞতা বিচাৰিছিল যদিও এই সকল শিক্ষকৰ মাত্ৰ দুই- এমাহ অভিজ্ঞতা কম থকাৰ কাৰণে চৰকাৰে নাটকীয় ভাবে বঞ্চিত কৰে নতুন আঁচনিটোত নিযুক্তি দিয়াৰ পৰা। যাৰ কাৰণে নিজৰ চাকৰি হেৰুৱাই এতিয়া পৰিয়াল পোহপালৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে এওঁলোক । বাণীকান্ত আঁচনিত এই সকল শিক্ষকে নিজৰ নাম অন্তৰ্ভুক্ত হব বুলি সম্পূৰ্ণ আশ্বস্ত আছিল যদিও চাকৰিৰ পৰা বঞ্চিত হৈ মানসিক ভাৱে ভাগি পৰিছে তেওঁলোকে। অতি শীঘ্ৰে ৰাজীৱ গান্ধী কম্পিউটাৰ স্বাক্ষৰতা অভিযানত কাম কৰা সমূহ শিক্ষকক বাণীকান্ত কম্পিউটাৰ আঁচনিৰ অধীনত নিযুক্তি দিবলৈ সব কে সব কা বিকাশৰ কথা কোৱা চৰকাৰ খনৰ কথা কোৱা চৰকাৰ খনৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে ।

Leave A Reply