Breaking

ৰাজ্য চৰকাৰে জাৰি কৰা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে নলবাৰীত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

0 2,038

ৰাজ্য চৰকাৰে জাৰি কৰা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে নলবাৰীত আজি একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।নলবাৰী কলেজৰ সন্মুখত কলেজ খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে কৰিলে প্ৰতিবাদ  । ৰাজ্য চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে সৰৱ হৈ ছাত্ৰ ছাত্ৰী সকলে  কৰিলে এই প্ৰতিবাদ । ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদস্থলীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীলৈ অনুৰোধ জনাই কয় যে ” ৰাজ্য চৰকাৰে জাৰি কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ যি মূল্যাংকন কৰিছে তাৰ ওপৰত যেন আকৌ এবাৰ বিবেচনা কৰি শিক্ষাৰ্থী সকলৰ ওপৰত কৃপা কৰে । উচ্চতৰ মাধ্যমিকৰ   Reappearence ,  Betterment আৰু  compartmental দিব খোজা ছাত্ৰ ছাত্ৰী সকলৰ মুল্যাংকণ পদ্ধতিটো একেবাৰে গ্ৰহণ যোগ্য হোৱা নাই বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী সকলে কয়, ২০২০ বৰ্ষত পৰীক্ষা দি আশা কৰা ধৰনে ফলাফল নাপায় আকৌ এটা ভাল ফলাফলৰ বাবে  পৰীক্ষা দিয়াৰ কথা ভবা 10% , 7% , 5% বঢ়াই দিম বুলি কৈছে ? চৰকাৰে লোৱা এনে কাৰ্যত মুঠেই সন্তুষ্ট নহয় ছাত্ৰ ছাত্ৰী সকল । এই ছাত্ৰ ছাত্ৰী সকলৰ সৰহসংখ্যকে 50 % / 60 % ৰ অধিক নম্বৰ পোৱা  ছাত্র ছাত্ৰী । গতিকে এই মুল্যাংকণৰ ভিত্তিত  ফলাফল  ঘোষনা  কৰিলে এইসকল ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষ্যত অন্ধকাৰাচন্ন হব বুলিও মত ব্যক্ত কৰে ছাত্ৰ ছাত্ৰী সকলে ।

Leave A Reply