Breaking

নাজিৰা মহকুমাত থকা যোগ্যতাবিহীন পৰিয়ালক ৰেচনকাৰ্ড সমৰ্পণ কৰিবলৈ মহকুমা প্ৰশাসনৰ নিৰ্দেশ

0 46

নাজিৰা

নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত বহুতো যোগ্যতাবিহীন পৰিয়ালে “ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইন” ২০১৩ অধীনত ৰেচন কাৰ্ড আৰু চাউল উপভোগ কৰি আছে বুলি মহকুমা সদৰী কৰিছে।  মহকুমাটোৰ চৰকাৰী চাকৰিয়াল, পেঞ্চন পৰিয়াল (যাৰ মাহেকীয়া পেঞ্চন ৮৩৩৩/- টকাৰ অধিক), বাৰ্ষিক আয় ১,০০,০০০ টকাৰ ওপৰৰ বেচৰকাৰী চাকৰিয়াল,  স্বচ্ছল ব্যৱসায়ী, স্বচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহনৰ অধিকাৰী পৰিয়াল আৰু যি সকলৰ এই চাউলৰ প্ৰয়োজন নাই, তেনে পৰিয়ালসমূহক অহা ১৫/০৬/২০২০ তাৰিখৰ ভিতৰত নাজিৰা মহকুমাৰ খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্য্যালয়ত তেওঁলোকৰ ৰেচন কাৰ্ড সমূহ আবেদনসহ সমৰ্পণ কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছে। নাজিৰা মহকুমা দণ্ডাধীশ তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে জাৰি কৰা এই নিৰ্দেশটোত লগতে প্ৰকাশ কৰিছে যে প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত ওপৰত উল্লেখিত ধৰণৰ কোনো পৰিয়ালে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা প্ৰমাণিত হ’লে প্ৰচলিত আইনৰ অধীনত তেনে পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নাজিৰা মহকুমা প্ৰশাসন বাধ্য হ’ব বুলি নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা এক বিজ্ঞপ্তি যোগে জনাইছে৷

Leave A Reply