Breaking

নগাঁও জিলা আবকাৰী বিভাগৰ সোপাধিলা নীতি : সান্ধ্য আইনৰ মাজতে পুৰণিগুদাম জলাহগাঁৱৰ ননৈ পাৰৰ লগতে বিভিন্ন স্হানত চুলাইৰ ৰমৰমীয়া বেহা

0 63

নগাঁও

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ  অন্তৰ্গত গেন্ধালি, সুতাৰ গাওঁ, খাটোৱালকে আদি কৰি  পুৰণিগুদামৰ জলাহগাঁৱৰ ননৈ নৈৰ পাৰত অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উঠিছে৷ নগাঁও জিলা আবকাৰী বিভাগৰ সোপাঢিলা নীতিৰ বাবেই একাংশই এতিয়াও চলাই অবৈধভাৱে চলাই গৈছে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়। ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সমান্তৰালভাৱে ঘোষণা কৰা সান্ধ্য আইনকো নেওচি এতিয়া পুৰণিগুদামৰ জলাহগাঁৱৰ ননৈ নৈৰ পাৰত চলিছে চুলাই মদৰ ৰমৰমীয়া বেহা। যিসময়ত ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে চৰকাৰে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭বজালৈ সান্ধ্য আইন ঘোষণা কৰি অধিক জনসমাগম ৰোধ কৰাৰ লগতে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে তেনে সময়তে একাংশ চুলাই মদ ব্যৱসায়ীয়ে চৰকাৰ-প্ৰশাসনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি সকলো নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি চলাই আছে এই কাৰ্য। যি কাৰ্য দেখিও এতিয়া নিমাত প্ৰশাসন আৰু আৱকাৰী বিভাগ৷ অৱশ্যে এই সন্দৰ্ভত পুৰণিগুদাম আৰক্ষীয়ে প্ৰায়েই স্থানীয় ৰাইজৰ সহযোগত নিয়মীয়া তহলদাৰী কৰি আহিছে। উল্লেখ্য যে ধনতোলা, চকৰিপাম আৰু কাবি গাঁৱৰ পৰা প্ৰতিদিনাই অবৈধ চুলাই সৰবৰাহ কৰি ননৈ নৈ পাৰত চলাই আছে ৰমৰমীয়া বেহা৷ সন্ধিয়া হ’লেই উক্ত স্থানত মুখত মাস্ক পৰিধান নকৰাকৈ সমবেত হয় বহু লোক, যাৰ ফলত বিনষ্ট হয় সামাজিক দূৰত্ব৷ এই সন্দৰ্ভত আৱকাৰী বিভাগৰ লগতে চামগুৰি ৰাজহ চক্ৰ বিষয়াগৰাকীক স্থানীয় ৰাইজে অভিযোগ দি আহিছে যদিও আজি পৰ্যন্ত এই চুলাই মদৰ সৰবৰাহ তথা ব্যৱসায় ৰোধ কৰিবৰ বাবে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতে, আবকাৰী বিভাগে সংবাদ মাধ্যমত বাতৰি পৰিবেশন হ’লে মাজে সময়ে উক্ত অঞ্চলসমূহত তহলদাৰী কৰে যদিও নাটকীয়ভাৱে কোনো লোকক আটক কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে।স্হানীয় ৰাইজৰ অভিযোগ চুলাই মদ ব্যৱসায়ী আৰু আবকাৰী বিভাগৰ মাজত থকা গোপন বুজাবুজিৰ বাবেই জলাহগাৱঁৰ ননৈ নৈৰ পাৰত চুলাই মদ ব্যৱসায়ীয়ে মুকলিভাৱে ব্যৱসায় চলাই গৈছে। লগতে স্থানীয় ৰাইজে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত নগাঁও জিলা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী জনাইছে৷ আনহাতে পথাৰৰ মাজত এই কাৰ্য চলাৰ বাবে সেই স্থানত অভিযান চলোৱা সক্ষম নহ’ব বুলি আবকাৰী বিভাগে অজুহাত দেখুৱাই বিষয়টোৰ পৰা ফালৰি কটাও পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে জলাহগাঁৱৰ ননৈ নৈৰ পাৰৰ লগতে চামগুৰি আৰু পুৰণিগুদামৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ৰমৰমীয়া বেহা চলাই থকাৰ তথ্য মজুত থকাৰ পাছতো আবকাৰী বিভাগ আৰু প্ৰশাসনে এই কল ব্যৱসায়ীক কিয় নাকী লগাব পৰা নাই সেয়া স্থানীয় সচেতন মহলৰ মাজত বৰ্তমান ৰহস্যৰ বিষয় হৈ পৰিছে৷

Leave A Reply