Breaking

এনআইএৰ চাৰ্জছীটত দাখিল : পুলৱামা কাণ্ডৰ পৰিকল্পনা মাছুদ আজহাৰ, ভায়েক আব্দুল ৰাউফ আজগৰৰ

0 1,307

দৈনন্দিন বাৰ্তা ডেস্ক : পুলৱামা কাণ্ডৰ পৰিকল্পনা কৰিছিল জইছ-ঈ-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ প্ৰধান মাছুদ আজহাৰ আৰু ভায়েক আব্দুল ৰাউফ আজগৰে৷ অভিযোগনামাত এই কথাকে উল্লেখ কৰিছে এনআইএয়ে৷ জম্মুৰ আদালতত মঙলবাৰে ৫০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে এনআইএয়ে৷ তাত পুংখানুপুংখভাৱে কোৱা হৈছে, কিদৰে পাকিস্তানে পুলৱামাত আক্ৰমণ ৰচনা কৰিছিল সকলো উল্লেখ কৰিছে ৷ উল্লেখ্য য়ে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত চিআৰপিএফৰ কনভয়ত সোমোৱাই দিছিল বিস্ফোৰক ভৰ্ত্তি গাড়ী ৷ আত্মঘাতী বিস্ফোৰণত শ্বহীদ হৈছিল ৪০ জন জোৱানৰ ৷ এই ঘটনাৰ চাৰ্জছীট আজি জমা দিয়া হয় ৷ ইয়াত ২০ জনৰ নাম অনা হৈছে ৷ পাকিস্তান সমৰ্থিত জইছৰ প্ৰধান মাছুদ আজহাৰ, আজহাৰৰ ভায়েকৰ নাম উল্লেখ আছে ৷ তদুপৰি আক্ৰমণত নিহত সন্ত্ৰাসবাদীৰ নাম আৰু এই কামত সমৰ্থন কৰাসকলৰ নাম আছে ৷ এনআইএৰ ডেপুটি ইনস্পেক্টৰ ছোনীয়া নাৰাঙে জনোৱা মতে এই চাৰ্জছীট যথেষ্ট দীঘলীয়া ৷ এই চাৰ্জছীটত সন্ত্ৰাসবাদীৰ কল ৰেকৰ্ড, ৱাটছৱেপ চাট দিয়া হৈছে ৷ সেই চাটত আৰডিএক্স আৰু আন বিস্ফোৰকৰ ছবিও দিয়া হৈছে ৷ পুলৱামা কাণ্ডৰ পাচত জইছৰ কমাণ্ডাৰ উমৰ ফাৰুক ভাৰতীয় সেনাৰ হাতত নিহত হয়৷ সেই ফাৰুকৰ ম’বাইলৰ পৰা এই চাট পোৱা গৈছে ৷ উল্লেখ্য যে এই আক্ৰমণক প্ৰশংসা কৰি আজহাৰে এটা ভিডিঅ’ আৰু অডিঅ’ প্ৰকাশ কৰিছিল ৷ চাৰ্জছীটত এইবোৰো দাখিল কৰা হৈছে ৷ আনহাতে পুলৱামাত আক্ৰমণৰ পাচত জইছে এক টেলিগ্ৰাম গ্ৰুপত মেছেজ দিছিল ৷ তাত লেখা হৈছিল, ১০০ ভাৰতীয় হিন্দু সৈন্যৰ মৃত্যু হৈছে৷ চাৰ্জছীটত এই মেছেজও দিয়া হৈছে ৷ উল্লেখ্য যে ২৬/‌১১ মুম্বাই আক্ৰমণৰ অন্যতম চক্ৰান্তকাৰী এই মাছুদ আজহাৰেই৷ আজহাৰৰ উপৰি চাৰ্জছীটত নাম আছে আত্মঘাতী সন্ত্ৰাসবাদী আদিল আহমেদ দাৰৰ ৷ এইজনেই সিই বিস্ফোৰক থকা গাড়ী কনভয়ত সোমোৱাই দিছিল৷ ইয়াৰ উপৰি নাম আছে গাড়ীত বোমা ৰখা উমৰ ফাৰুকৰ ৷ এই বছৰ এক সংঘৰ্ষত এই সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে ৷ তদুপৰি চাৰ্জছীটত নাম আছে ছাকিৰ বছিৰ মাগৰৰ৷ সেইদিনা এই সন্ত্ৰাসবাদীয়ে সেইখন গাড়ী চলাইছিল ৷ ঘটনাস্থলীৰ ৫০০ মিটাৰৰ আগতে এই সন্ত্ৰাসবাদীয়ে গাড়ীৰ পৰা জাপ মাৰি নামি দিছিল ৷ সেই ঠাইত সন্ত্ৰাসবাদীটোৰ আচবাবৰ দোকান আছে৷ জোৱানৰ গতিবিধিৰ খবৰ দিছিল উমৰ ফাৰুকে ৷ তদুপৰি পাকিস্তান সন্ত্ৰাসবাদীৰ গাড়ী সৰবৰাহ কৰিবৰ বাবে মহম্মদ ইকবাল ৰাথেৰ, ম’বাইল দিবৰ বাবে বিলাল আহমেদ কুচে, জইছ সন্ত্ৰাসবাদী তাৰিক আহমেদ শ্বাহ, কন্যা ইনছাৰ নামো আছে চাৰ্জছীটত ৷

Leave A Reply