Breaking

আই আই টি এডভান্স প্ৰৱেশ পৰীক্ষাত ৰামানুজনৰ চাৰি ছাত্ৰৰ সাফল্য

0 1,339

নগাঁও : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাত ধাৰাবাহিকভাৱে ঈৰ্ষনীয় ফলাফল প্ৰদৰ্শনেৰে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত উজ্বলি উঠা নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিগত সময়ত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত বিভিন্ন কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰ প্ৰবেশ পৰীক্ষাত ভাল ফলাফল প্রদর্শন কৰি আহিছে। চলিত বর্ষত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ চাৰিজন ছাত্ৰই সদ্যঘোষিত আই আই টি এডভান্স প্ৰৱেশ পৰীক্ষাত কৃতকার্যতা লাভ কৰি শিক্ষা প্রতিষ্ঠানখনৰ গৰিমা অক্ষুণ্ণ ৰাখে। সৰ্বভাৰতীয় পৰ্যায়ৰ উক্ত প্ৰৱেশ পৰীক্ষাত কৃতকার্যতা লাভ কৰা ছাত্ৰ কেইজন হৈছে উৎপলৰাজ কেম্পৰাই (এছ টি ৰেংক – ১৫৩), হেমাংগ পেইট (এছ টি ৰেংক- ৩১২), লিজাংচন ইংতি ( এছ টি ৰেংক-৩৫৭) আৰু অম্লানজ্যোতি পেগু ( এছ টি ৰেংক-৪৯২)। কৃতকার্যতা লাভ কৰা ছাত্ৰ কেইজনৰ ভিতৰৰে উৎপলৰাজ কেম্পৰাই আৰু অম্লানজ্যোতি পেগুৱে চলিত বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত স্হান লাভ কৰিছিল। ছাত্ৰ কেইগৰাকীৰ সফলতাত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ লগতে শিক্ষা প্রতিষ্ঠানখনৰ শিক্ষক-কৰ্মচাৰীসকলে সন্তোষ্টি প্ৰকাশ কৰে।

Leave A Reply