Breaking

জখলাবন্ধা আৰক্ষীৰ সফলতা, বিভিন্ন স্থানৰ পৰা চাৰি গঁড় চিকাৰী আটক । পাঁচটা ৩০৩ ৰাইফলৰ গুলী উদ্ধাৰ ।

0 513

কলিয়াবৰ : জখলাবন্ধা আৰক্ষীৰ সফল অভিযানত গ্ৰেপ্তাৰ চাৰি দুৰ্ধৰ্ষ চোৰাংচিকাৰী। আৰক্ষীৰ তৎপৰাত ব্যৰ্থ কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত মঙ্গলবাৰে নিশা জখলাবন্ধা আৰক্ষীৰ জালত পৰে এই চাৰি গঁড় চিকাৰী। ধৃত চাৰি গঁড় চিকাৰী  চামগুৰিৰ কাৱৈমাৰীৰ জমিৰ আলি, কুঠৰীৰ বাবুল আলি, কাৰ্বি-আংলং হাওৰাঘাটৰ হেমাৰী ইংতি আৰু কাংবুৰা টক্‌বি। ধৃত গঁড় চিকাৰী চাৰিটাৰ পৰা থ্ৰী-নট-থ্ৰী ৰাইফলৰ পাঁচ ৰাউণ্ড সজীৱ গুলি লগতে চাৰিটা ম’বাইল ফোন জব্দ কৰে আৰক্ষীয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ পৰিকল্পনা কৰিছিল ধৃত চাৰি চোৰাংচিকাৰীয়ে। সম্প্ৰতি এক গোচৰ পঞ্জীয়ণ কৰি চাৰি চোৰাং চিকাৰীক জেৰা অব্যাহত ৰাখিছে জখলাবন্ধা আৰক্ষীয়ে। উল্লেখযোগ্য যে বিগত ডেৰ বছৰে নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বাগৰি ৰেঞ্জত হোৱা নাই এটা গঁড় হত্যাৰ ঘটনা।

Leave A Reply