Breaking

মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত মাজুলীৰ ৭৯ নং জামুৱনী প্ৰাথমিক বিদ্যালয়ৰ সাফল্য

0 1,026

উজনি-মাজুলী, ৬ ডিচেম্বৰঃ সদ্যঘোষিত ২০১৯ বৰ্ষৰ  পঞ্চম শ্ৰেণীৰ ‘‘ মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা’’ ত মাজুলী জিলাৰ ৭৯ নং জামুৱনী প্ৰাথমিক বিদ্যালয়ৰ পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ বিদ্যালয় খনৰ গৌৰৱ অক্ষুন্ন ৰাখিছে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী জুনু তামুলী আৰু সহঃ শিক্ষক বিকাশ দত্ত, মহেন্দ্ৰ নাথ আৰু কবিতা তামুলীৰ অশেষ কষ্টৰ ফলত এই সাফল্য লাভ কৰিছে ৷ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল হৈছে – নিশামণি শইকীয়া, কপিল বৰা, অবিনাশ বৰা, দিব্যজ্যোতি শইকীয়া আৰু প্ৰিয়ংকা বৰা ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ এনে সফলতাত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক তথা স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে ৷ বিদ্যালয়খনৰ এই সফলতাত  বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিদ্যালয়ৰ ৰান্ধনী কমীদ্বয়ে অভিনন্দন জনাইছে ৷ ভৱিষতেও বিদ্যালয়খনে সফলতাৰ এই ধাৰা অব্যাহত ৰাখিব বুলি স্থানীয় ৰাইজে আঁশা ৰাখিছে ৷

Leave A Reply