Breaking

চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ সফলতা। এটা মাহত নগাঁও আৰক্ষীয়ে জব্দ কৰিলে ৪৩৮টা চোৰাং গৰু জব্দ

0 96

চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ সফলতা। এটা মাহত নগাওঁ আৰক্ষীয়ে জব্দ কৰিলে ৪৩৮টা চোৰাং গৰু জব্দ। নগাঁও জিলাৰ আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।এমাহৰ ভিতৰত আৰক্ষীয়ে এই ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰে যে ২১মাৰ্চৰ পৰা ২২ এপ্ৰিল পৰ্যন্ত জিলাখনৰ বিভিন্ন স্থানৰ পৰা ৪৩৮ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে।এই সন্দৰ্ভত আৰক্ষীয়ে ৫৫ জন চোৰাং গৰু সৰবৰাকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে।

চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিথ বড়ো,জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পবন কলিতা,বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত সোনোৱাল,বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমণী কান্ত দাস,ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়,আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত কলিতা,পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমন্ত ৰয়,কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পি কে নাথ,বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহন মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমচন্দ্ৰ মহন্ত,কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ মেধি ,চালনা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ সৰকাৰ, কঠিয়াতলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৈশ্য,মোৱামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰিমা পেগু,ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰছাদ আৰু বটদ্ৰবা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত আৰক্ষীয়ে নগাঁও জিলাৰ বিভিন্ন স্থানত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply