Breaking

ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…

0 18

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনস্থ চেঙেলীমাৰী গাওঁৰ মহম্মদ চাইকুল ইছলামৰ পুত্ৰ মহম্মদ জামাল উদ্দিনৰ গৃহত ২৭ এপ্ৰিলত আশ্ৰয় দিয়া এজন লোকে গৃহস্থই এনিশা থাকিবলৈ দিয়ে৷এনিশা থাকি জামাল উদ্দিনৰ গৃহৰ পৰা ২৮এপ্ৰিলৰ নিশা ৭২০০টকা, মোবাইল ফোন -২টা, ভোটাৰ কাৰ্ড, পান কাৰ্ড আদি লৈ উধাও হৈছে। এই সম্পৰ্কত মহম্মদ জামালউদ্দিনে ওৰাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ওৰাং আৰক্ষীয়ে এজাহাৰৰ মতে ১মে দিনাখন এক গোছৰ পঞ্জীয়ন কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখে৷ ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নিৰ্দেশ মতে ওৰাং আৰক্ষী থানাৰ SI মৃনাল টাইডৰ নেতৃত্বত বিশ্বজিত সুত্ৰধৰ, আবেদুল্লা আলি আৰু ২৭নং APBNৰ আৰক্ষী বেটেলিয়নৰ দলটোবে আইজুল ইছলাম (২৯বছৰ)গ্ৰেপ্তাৰ কৰি এটা মোবাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

আৰক্ষীয়ে পলায়ন কৰা হোজাইৰ বৰপুখুৰীত গাওঁৰ আব্দুল মালিকৰ পুত্ৰ আইজুক ইছলামক তেওঁৰ শহুৰৰ গৃহ চামুগুৰি আৰক্ষী থানাৰ অধীনস্থ বিশ্বস্থান পেট্ৰল পোষ্টৰ টেকেলীপোটা গাওঁৰ পৰা গ্ৰেপ্তাৰ কৰি গোছৰ নং ৪১/২৪ মৰ্মে Under Section 457/380 IPC ৰ অনুসৰি ওদালগুৰি জেল হাজোলৈ প্ৰেৰণ কৰে৷ আনহাতে ওৰাং আৰক্ষী থানাৰ অধীনস্থ চুতীয়াপাৰা এগৰাকী কিশোৰী ওৰাঙৰ কলেজ অভিমুখে আহি ২০ এপ্ৰিলৰ পৰা নিৰুদেশ হৈ আছিল৷পৰিয়ালৰ লোকে বহুত বিচাৰ খোচাৰ কৰাৰ অন্তত বিচাৰি নাপায় অপহৰণ কৰা বুলি সন্দেহ হয়৷ অৱশেষত ওৰাং আৰক্ষী থানাত যোৱা ২২ এপ্ৰিলত অপহৰণ কৰাৰ এটি গোছৰ কৰে।সেই মৰ্মে ওৰাং আৰক্ষীয়ে জোৰদাৰ তদন্তৰ অন্ততঃ ২৮এপ্ৰিলৰ নিশা ওৰাং আৰক্ষীয়ে অপহৰণ হোৱা কিশোৰী গৰাকীক বিশ্বনাথ জিলাৰ পৰা ওৰাং আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নিদেৰ্শ অনুসৰি SI মৃনাল টাইডৰ নেতৃত্বত পিংকিমনি তামুলী,ৰক্তিম শইকীয়া,আৰু আৰক্ষী বেটেলিয়ন দলে বিশ্বনাথ জিলাৰ পশ্চিম মেজিকা গাওঁৰ প্ৰদীপ গায়নৰ পুত্ৰ
হিৰক জ্যোতি গায়নক গ্ৰেপ্তাৰ কৰি ওৰাং আৰক্ষী থানালৈ লৈ আহে৷ৰবিবাৰে ওৰাং আৰক্ষী থানাৰ গোছৰ নং ৩৯/২৪অনুসৰি Under Section 366 IPC ৰজু কৰি ওদালগুৰি জেললৈ প্ৰেৰণ কৰে।আনহাতে অপহৰণ হোৱা ১৬ বছৰীয়া কিশোৰী সৈতে ইষ্টগ্ৰামত চা চিনাকী হোৱা বুলি অপহৰণকাৰীয়ে সাংবাদিকক জনাইছে৷

Leave A Reply