Breaking

চিচিবৰগাঁৱত অনুষ্ঠিত ১৫ দিনীয়া বিহু আখৰা সফলতাৰে সামৰণি

0 1,033

চিচিবৰগাঁৱৰ চৌখামটিং গাঁৱৰ বিহুৱা সমাজৰ উদ্যোগত আৰু লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ চিচিবৰগাঁৱৰ সহযোগত চৌখামটিং গাঁৱৰ বীৰাংগনা সতী সাধনী স্মৃতি ভৱনত ১৬ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা বিহুনাম, হুঁচৰি, বিহুনাচ আৰু বিহু বাদ্যৰ আখৰাৰ আজি সফলতাৰে সামৰণি পৰে। গাওঁসমূহৰ পৰা বিলুপ্ত হ’বলৈ ধৰা হুঁচৰি আৰু চোতাল বিহুৰ পৰম্পৰাক জীয়াই ৰখাৰ স্বাৰ্থত চৌখামটিং গাঁৱৰ কেইজনমান বিহুপ্ৰেমী যুৱকৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰা হৈছিল এই বিহুৰ আখৰাৰ । ১৫ দিনীয়া বিহু আখৰাত প্ৰশিক্ষক হিচাপে আছিল শিৱসাগৰৰ বিহুৱা ক্ৰমে অঞ্জন বৰুৱা, সুদৰ্শন শইকীয়া, জ্যোতিপ্ৰসাদ দাস, টিংখাঙৰ যোগেশ বিকাশ শইকীয়া আৰু সাপেখাটীৰ বিহুৱতী মৰমী বৰুৱা ।

অনুষ্ঠানটোত অঞ্চলৰ শতাধিক কণ কণ নাচনীয়ে বিহুনাচ, বিহুবাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে অঞ্চলৰ বহুতো যুৱক-যুৱতীয়ে হুঁচৰি, বিহুগীত আৰু বিহুবাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰে । আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানত ঢোল, পেঁপাৰ মাত আৰু শতাধিক নাচনীৰ বিহুনাচত এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয় । চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, শিক্ষাবিদ, সাহিত্যিক পূৰ্ণচন্দ্ৰ চুতীয়াই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত অঞ্চলটোৰ পাঁচ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ।

Leave A Reply