Breaking

৩০তম অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা, ২০২৩ৰ সফল সমাপন

0 115

অসম সাঁতোৰ সংস্থাৰ দ্বাৰা সৰুসজাইস্থিত ড° জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত আয়োজিত ৩০তম অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা, ২০২৩ৰ দেওবাৰে সন্ধিয়া সফলতাৰে সমাপ্তি হয়। প্ৰতিযোগিতাখনিত অসমৰ সকলো জিলাৰ অভিলেখ সংখ্যক ৫২০ গৰাকী অংশগ্ৰহণকাৰীয়ে মুঠ ১৪৪ টা ইভেণ্টত অংশগ্ৰহণ কৰিছিল।

এই বছৰৰ প্ৰতিযোগিতাখনিত প্ৰথমবাৰৰ বাবে ৱাটাৰ প’ল’ আৰু ডাইভিং ইভেণ্ট অন্তৰ্ভুক্ত কৰা হৈছে। আঠটা দলে প্ৰথমবাৰৰ বাবে ৱাটাৰ প’ল’ ইভেন্টত অংশগ্ৰহণ কৰিছিল। কামৰূপ জিলাৰ খেলুৱৈসকলে ডাইভিং ইভেণ্টত সকলো পদক লাভ কৰে।

৩০ তম্ অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰা বিভিন্ন গ্ৰুপৰ খেলুৱৈসকল যথাক্ৰমে ল’ৰাৰ প্ৰথম গোটৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে তিৰ্থাঙ্গ পেগু (যোৰহাট), ছোৱালীৰ প্ৰথম গোটৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিছে জাহ্নৱী কাশ্যপে।

ল’ৰাৰ দ্বিতীয় গোটৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিছে নিবিড় হাজৰিকা (যোৰহাট), দ্বিতীয় গোটৰ ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিছে জাহ্নৱী চাংমাই (কামৰূপ)। তৃতীয় গোটৰ ল’ৰাৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিছে শুভাশিষ বৰদলৈ (শিৱসাগৰ), তৃতীয় গোটৰ ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিছে আদৰিজা ৰাণী চেতিয়া (শিৱসাগৰ)। মুকলি শাখাত ল’ৰা শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে ইভন টাইয়ে (কামৰূপ) । ছোৱালীৰ মুকলি শাখাত শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে বিশাখা শৰ্মাই(কামৰূপ)৷

একেদৰে দলীয় শাখাত সৰ্বাধিক ১১৭ টা(সোণ-৩৭, ৰূপ-৪৩, ব্ৰঞ্জ-৩৭) পদক লাভ কৰি যোৰহাটে শ্ৰেষ্ঠতম দলীয় খিতাপ অৰ্জন কৰে। কামৰূপে ৮৭ টা (সোণ-২৫, ৰূপ-২৬, ব্ৰঞ্জ-৩৬) ৰে দ্বিতীয় শ্ৰেষ্ঠ আৰু শিৱসাগৰ দলে ৫৯ টা পদক (সোণ-২৫, ৰূপ-২২, ব্ৰঞ্জ-১২) লাভ কৰি তৃতীয় স্থান দখল কৰে।

অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় সাঁতোৰ ফেডাৰেচনৰ উপ-সভাপতি ভাস্কৰ ৰঞ্জন দাসে অহা মাহত ভুৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া চাব-জুনিয়ৰ আৰু জুনিয়ৰ নেচনেলৰ বাবে নিৰ্বাচিত লগতে সকলো পদক বিজয়ী খেলুৱৈক অভিনন্দন জনায়।

Leave A Reply