Breaking

সফলতাৰে পাঁচদিনীয়া আৱাসিক ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি…

0 21

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাজ্যিক মুখ্য কাৰ্যালয়, মালিগাঁৱৰ ভাৰত স্কাউট আৰু গাইডৰ  উদ্যোগত গ্ল’বেল এডভেঞ্চাৰ এছ’চিয়েচনৰ  সহযোগত পৰিচালিত পাঁচদিনীয়া ‘ৰাজ্যিক পৰ্যায়ৰ  দু:সাহসিক তথা ট্ৰেকিং কেম্প’, অসমৰ সফল সামৰণি পৰে। এই শিবিৰত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৰভাৰ আৰু ৰেঞ্জাৰ মিলি মুঠ ১২০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ লয়। কাৰ্যসূচীৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে ৰক ক্লাইম্বিং, ৰেপেলিং, হাই ৰ’প, বিলে কৌশল, জলপ্ৰপাত বগাই যোৱা, নদী আৰু ডেল্টা ক্ৰছিঙৰ ব্যৱহাৰিক শিক্ষা লাভ কৰে। তদুপৰি ৰছীৰ গাঁঠিৰ বিষয়ে, ৰক ক্লাইম্বিং, পৰ্বতাৰোহণৰ সঁজুলি সম্পৰ্কে তথা  দলক নেতৃত্ব দিয়াৰ  দক্ষতাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয়। দলটোৱে ভাৰতৰ অন্যতম বিখ্যাত ট্ৰেক- মেঘালয়ৰ ইষ্ট খাছি পাহাৰীয়া জিলাৰ “ডেভিদ স্কট ট্ৰেইল” সফলতাৰে অভিযান সম্পূৰ্ণ কৰে।

২৫ এপ্ৰিলত মালিগাঁৱৰ ‘ভাৰত স্কাউট আৰু গাইডৰ’ ৰাজ্যিক কাৰ্যালয়ত এই কাৰ্যসূচী উদ্বোধন কৰে এন এফ ৰেলৱেৰ  মুখ্য পাৰ্চনেল বিষয়া শশাংক শৰ্মা , গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড কমিচনাৰ অৰূপ ডেকা আৰু প্ৰথম অসমীয়া এভাৰেষ্টাৰ তৰুণ শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকে এন এফ ৰেলৱেৰ বিষয়া  চি এছ পণ্ডিত,  এ কে বৈশ্য আৰু  খগেশ দাস। এই দুঃসাহসিক শিবিৰৰ নেতৃত্বত আছিল উত্তৰ-পূব ভাৰতৰ বিশিষ্ট পৰ্বতাৰোহী তথা গ্ল’বেল এডভেন্সাৰ এছ’চিয়েচনৰ প্ৰতিষ্ঠাপক  বিক্ৰম বড়ো।  তেওঁক সহযোগিতা কৰে ধীৰাজ বড়ো, জুন্টি দাস, ভুৱনেশ্বৰ প্ৰসাদ, বুলেন বৰ্মন, পল্লৱী দাস, মিনাক্ষী দাস, হাফিজুল খান, দীপ জে বৰ্মন, অমিত দাস, ধীৰাজ কলিতা, ববিতা গগৈ, জংকী বড়ো আৰু সোনপাহী বৰ্মনে।  ভাৰত স্কাউটছ এণ্ড গাইডৰ যুৱক-যুৱতীসকলৰ মাজত দুঃসাহসিক ক্ৰীড়াৰ প্ৰচাৰৰ  এই  পদক্ষেপৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ক গ্ল’বেল এডভেন্সাৰ এছ’চিয়েচনে কৃতজ্ঞতা জনাইছে।

Leave A Reply