Breaking

পূব টংলা আঞ্চলিক কোঁচ ৰাজবংশী সন্মিলনৰ উদ্যোগত বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি

0 141

ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা থানাৰ নিলগৰ পলাহগড়ত আজি পূব টংলা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আয়োজন কৰা বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি পৰে। উল্লেখযোগ্য যে গৰমৰ বন্ধত ছাত্র ছাত্ৰীক পাঠ্য পুথিৰ পৰা আঁতৰাই নাৰাখি শৈক্ষিক দিশত ব্যস্ত ৰাখিবলৈ এনে ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।শিবিৰত পাঠদানৰ লগতে সংগতি ৰাখি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা আৰু বিভিন্ন দিশৰ ওপৰত ছাত্র ছাত্ৰীক জ্ঞান দিয়া হয়।

ছাত্র -ছাত্ৰীৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠান খন আঁত ধৰে পাঠদান শিবিৰৰ কেন্দ্ৰীয় পৰিচালক জ্যোতিষ চন্দ্ৰ চৌধুৰীয়ে।পূব টংলা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনৰ সভাপতি চিন্তাৰাম ডেকাই সভাপতিত্বত কৰা অনুষ্ঠান খনতে পাঠদান শিবিৰৰ প্ৰশিক্ষক বিজয় কুমাৰ ডেকা, দীপাংকৰ হাজৰিকা বৃন্দাবন বৰুৱা, নিকুঞ্জ বৰুৱা, হিৰকজ্যোতি ডেকা,সবিতা মহলিয়া,বিজয় ডেকা আৰু ৰিংকু শৰ্মাক সন্মান সহকাৰে প্ৰসংশা পত্ৰ প্ৰদান কৰা হয়।

উক্ত সামৰণি অনুষ্ঠান খনত উপস্থিত থাকে ক্ৰমে ভেৰগাও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দেৱজিত কুমাৰ ডেকা, কাৰ্যকৰী সভাপতি তৰুণ চন্দ্ৰ বড়া,জাতীয়বিদ্যালয় অসম টংলাৰ অধ্যক্ষ যোগেন্দ্ৰ নাথ ডেকা, সমাজ সেৱক হৰেন্দ্ৰ নাথ শইকীয়া,পূব টংলা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা নৰেন্দ্ৰ বৰুৱা, টংলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকাৰ দাসে।

Leave A Reply