বৰশীৰে মাছ ধৰা প্ৰতিযোগিতাৰ সফল সামৰণি

বঙাইগাওঁ জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি উত্তৰ শালমাৰা মহকুমা প্ৰশাসনৰ তত্তাবধানত স্থানীয় কয়াকুঁজীয়া বিলত অনুষ্ঠিত হৈ যোৱা বৰশীৰে মাছ ধৰা প্ৰতিযোগিতাত সৰ্বমুঠ ২০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বঙাইগাঁও জিলাত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰতিযোগীতাত প্ৰবল বৰষুণকো নেওচি দলে দলে প্ৰতিযোগী তথা দৰ্শক ৰাইজে যোগদান কৰি এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে । দুটা ৰাউণ্ডত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাখনি অন্ত হোৱাৰ পিচতেই প্ৰতিযোগীতা থলীতেই উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণি সভাত প্ৰথম পুৰস্কাৰ হিচাপে দুৰামাৰী নিবাসী শ্ৰী দীপক বৰ্মনে ট্ৰফী, মানপত্ৰৰ লগতে নগদ 10,000.00 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে বোৱালীমাৰী নিবাসী শ্ৰী মমিনুল হকে ট্ৰফী, মানপত্ৰৰ লগতে নগদ 7,000.00 টকা তৃতীয় পুৰস্কাৰ হিচাপে দুৰামাৰী নিবাসী শ্ৰী সমেশ খানে ট্ৰফী, মানপত্ৰৰ লগতে নগদ 3,000.00 টকা লাভ কৰে। প্ৰতিযোগীতাখনিত মধুফল গাঁও নিবাসী শ্ৰী শহিদুল ইচলামে নিচুকনি পুৰস্কাৰ হিচাপে মানপত্ৰৰ সৈতে নগদ 1000.00 টকা লাভ কৰে।


উত্তৰ শালমাৰা মহকুমা প্ৰশাসন তথা কয়াকুঁজীয়া উদ্যান উন্নয়ন সমিতিৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগীতাখনি পৰিচালনা কৰে অভয়াপুৰীৰ কচমচ ক্লাৱৰ সদস্যসকলে । অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কাৰ্যবাহী দণ্ডাধীশ শ্ৰী মাচুম ইউচুফ আহমেদে।

Related Articles