Breaking

ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুলত শিক্ষকৰ ছিপ লৈ আত্মহত্যা

0 1,556

ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ বিদ্যলয় চাৰ্ছ পাব্লিক স্কুলৰ নৱ ডেকা নামৰ কম্পিউটাৰৰ শিক্ষক জনে আজি ৰাতিপুৱা প্ৰায় ৭ মান বজাত স্কুলখনৰে এটা শ্ৰেণিকোঠাত থকা ফেনত চিপলৈ আত্মহত্যা কৰে । কামৰূপ জিলাৰ বেজেৰাত ঘৰ আছিল শিক্ষকজনৰ। স্বৰ্গীয় বিপিন চন্দ্ৰ ডেকা মাতৃ বিণা ডেকাৰ পুত্ৰ নৱ ডেকা প্ৰায় ৮ বছৰে উক্ত বিদ্যলয়খনত কৰ্মৰত আছিল । আত্মহত্যৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও বহুতে স্কুল কতৃপক্ষৰ সৈতে কোনো কথাত মতানৈক্য হৈ এই সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰা হৈছে । ঘটনাস্থলিত ইতিমধ্যে আৰক্ষীসহ দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি পৰৱৰ্তী পৰ্যায়ত মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হʼব বুলি জানিবলৈ দিয়ে ।

Leave A Reply