Breaking

মহানগৰীত মৰিয়াই মৰিয়াই হত্যা সুনীল শৰ্মাক…

0 73

গুৱাহাটী মহানগৰীত বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ আদাগুদামত সংঘটিত গণ প্ৰহাৰৰ ঘটনা। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছত সুনীল শৰ্মা নামৰ যুৱকজনক পুৱাৰ ভাগত ফটাশিল আৰক্ষীয়ে উদ্ধাৰ কৰি আনিছিল থানালৈ।

ৰক্তাক্ত অৱস্থাত যুৱকজনক থানাৰ পৰা GMCHলৈ লৈ গৈছিল আৰু GMCHত মৃত ঘোষণা কৰিছিল সুনীলক। সুনীলৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। গণপ্রহাৰ ফলত মৃত্যু যুৱকজনৰ।

জানিব পৰা মতে নিশা কাৰোবাৰ ঘৰৰ চুৰি কৰাৰ অভিযোগত সুনীলক প্ৰহাৰ কৰা হৈছিল। তাৰ পাছতেই একাংশ লোকৰ প্ৰহাৰত মৃত্যুক আকোৱালি লয় যুৱকজনে। এই পৰ্যন্ত ঘটনাৰ লগত জড়িত কোনো অভিযুক্তকে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave A Reply