Breaking

ছুপাৰষ্টাৰ ৰজনীকান্তক দাদাচাহেব ফাল্কে বঁটা প্ৰদান

0 2,030

▶️ছুপাৰষ্টাৰ ৰজনীকান্তলৈ আগবঢ়োৱা হৈছে দাদাচাহেব ফাল্কে বঁটা।
▶️ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে তেওঁক এই বঁটা প্ৰদান কৰে।
▶️দাদাচাহেব ফাল্কে বঁটাক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ বঁটা বুলি গণ্য কৰা হয়।
▶️ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তৰ পত্নী লতা, জীয়ৰী সৌন্দৰ্য আৰু জোঁৱায়েক ধনুষ উপস্থিত আছিল।
▶️অনুষ্ঠানটোত ভাষণ দি ৰজনীকান্তে তেওঁৰ গুৰু কে বলচন্দৰ, তেওঁৰ জ্যেষ্ঠ ভাতৃ সত্যনাৰায়ণ গায়কৱাড় আৰু তেওঁৰ শ্ৰেষ্ঠ বন্ধু ৰাজ বাহাদুৰক তেওঁৰ বঁটা উৎসৰ্গা কৰে।
▶️বঁটা গ্ৰহণ কৰি পুৰণি দিনৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ উঠে ৰজনীকান্ত।
▶️এসময়ত তেওঁ বাছ কণ্ডাক্টৰ হিচাপে কাম কৰিছিল সেই কথাও উল্লেখ কৰে।
▶️কণ্ডাক্টৰ হৈ থাকোঁতে লগ পোৱা বাছচালক বন্ধু ৰাজ বাহাদুৰৰ অন্যতন অৱদান আছিল তেওঁৰ জীৱনত বুলি স্মৰণ কৰে অভিনেতাগৰাকীয়ে।

Leave A Reply