Breaking

উচ্চতম ন্যায়ালয়ৰ মহিলাসকলক NDA পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি

0 1,526

নেচনেল ডিফেন্স একাডেমী (NDA)ৰ প্রৱেশ পৰীক্ষাত মহিলাসকলেও অৱতীর্ণ হ’ব পাৰিব৷ আজি এক ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণৰ সময়ত উচ্চতম ন্যায়ালয়ে অন্তর্ৱর্তী ৰায়ত এই কথা ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে এন ডি এৰ প্রৱেশ পৰীক্ষাত মহিলাসকলক বহিবলৈ অনুমতি নিদিয়াৰ অভিযোগৰ ভিত্তিত ভাৰতীয় সেনাক কঠোৰ ভাষাত সমালোচনা কৰিছে দেশৰ শীর্ষ আদালতখনে৷ আগন্তুক ৫ছেপ্টেম্বৰত নেচনেল ডিফেন্স একাডেমীৰ প্রৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব৷ লক্ষণীয়ভাৱে ভাৰতীয় সেনাৰ ভূমিকাক এইক্ষেত্রত লিংগ বৈষম্য বুলিও সমালোচনা কৰিছে ন্যায়ালয়ে৷ প্রৱেশ পৰীক্ষাত মহিলাসকলক বহাৰ অনুমতি দিয়া হোৱা নাই বুলি এক অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল দিল্লীৰ অধিবক্তা কুছ কালৰাই৷ আবেদনত অধিবক্তাগৰাকীয়ে অভিযোগ কৰিছিল মাত্র লিংগৰ ভিত্তিত মহিলাসকলক পৰীক্ষাত অৱতীর্ণ হ’বলৈ নিদিয়াৰ সিদ্ধান্ত লোৱাৰ ফলত উলংঘা হৈছে ভাৰতীয় সংবিধানৰ ১৪, ১৫, ১৬ আৰু ১৯ অনুচ্ছেদ৷ বুধবাৰে শীর্ষ আদালতখনৰ বিচাৰপতি সঞ্জয় কিষাণ কৌল আৰু বিচাৰপতি হৃষীকেশ ৰয়ৰ বিচাৰপীঠে আবেদনৰ শুনানি গ্রহণ কৰি কয় যে ভাৰতীয় সেনাত মহিলাসকলক সমান সুযোগ দিয়া হৈছে৷ সশস্ত্র বাহিনীত জড়িত হোৱাৰ প্রক্রিয়াত কোনোধৰণৰ মৌলিক অধিকাৰ উলংঘা নহয় বুলিও ন্যায়ালয়ে উল্লেখ কৰে৷ চলিত শিক্ষা বর্ষৰ পৰা ডেৰাডুনৰ ৰাষ্ট্রীয় ইণ্ডিয়ান মিলিটাৰী কলেজত মহিলাসকলক অংশগ্রহণ বৃদ্ধি কৰাৰ দাবীত কিছুদিন পূর্বে অন্য এটা গোচৰো ৰুজু হৈছিল উচ্চতম ন্যায়ালয়ত৷ এই বিষয়টোও আজি শুনানিৰ সময়ত বিশ্লেষণ কৰে শীর্ষ আদালতখনে৷

Leave A Reply