Breaking

দুৰ্নীতিয়ে কেনেকৈ দেশখন ধ্বংস কৰি আছে তাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে…

0 63

দুৰ্নীতিয়ে কেনেকৈ দেশখন ধ্বংস কৰি আছে তাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। বুধবাৰে ন্যায়াধীশ কে এম জোচেফ আৰু হৃষিকেশ ৰায়ৰ এখন বিভাগীয় বিচাৰপীঠে ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত গৌতম নৱলাখাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে দুৰ্নীতিগ্ৰস্ত লোকে দেশখন ধ্বংস কৰি আনিছে।

উল্লেখ্য যে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে ভীমা কাৰেগাঁও গোচৰৰ অভিযুক্ত গৌতম নৱলাখাৰক কাৰাগাৰৰ পৰিৱৰ্তে গৃহবন্দী কৰি ৰখাৰ তীব্ৰ বিৰোধিতা কৰাৰ পিছতে বিচাৰপীঠে এই মন্তব্য কৰে।

“এই দেশ কোনে ধ্বংস কৰি আছে? আপুনি বিচাৰিছে নেকি আমি আপোনাক কওঁ? দুৰ্নীতিগ্ৰস্ত লোকে কৰিছে। আপুনি যিকোনো এটা কাৰ্যালয় এটালৈ যাওক, তাত কি হয় চাওক।” অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুক উদ্দেশ্যি বিচাৰপীঠে এইদৰে কয়।

Leave A Reply