Breaking

চীনৰ উহানত আচৰিত বিশেষজ্ঞ : ক’ৰোনাত সুস্থ হৈ উঠা ৯০ শতাংশৰে ক্ষতিগ্ৰস্ত ফুচফুচ

0 1,306

দৈনন্দিন বাৰ্তা ডেস্ক : চীনৰ উহানতে প্ৰথম ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল ৷ এই চহৰৰ এখন চিকিৎসালয়ৰ ৰিপৰ্ট দেখি আচৰিত হৈছে বিশেষজ্ঞসকল ৷ সেই চিকিৎসালয়খনত ক’ৰোনা চিকিৎসাত সুস্থ হৈ উঠিলে তেওঁলোকৰ ৯০ শতাংশৰে ফুচফুচ ক্ষতিগ্ৰস্ত হৈছে ৷ আনহাতে ৫ শতাংশ দ্বিতীয়বাৰ ক’ৰোনাত আক্ৰান্ত হৈ কোৱাৰেণ্টাইনত থাকিব লগা হৈছে ৷ উহানৰ জংগনান নামৰ চিকিৎসালয়খনত ক’ৰোনাত আক্ৰান্ত হৈ যিসকল বছৰৰ আৰম্ভণিতে ভৰ্ত্তি হৈছিল তেওঁলোক সুস্থ হৈ পৰাৰ পাচত পুনৰ শৰীৰ পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ কেইবাবাৰো যায় ৷ এপ্ৰিলৰ পৰা এনেদৰে ১০০ জন ৰোগীৰ ওপৰত সমীক্ষা চলায় উহান বিশ্ববিদ্যালয় আৰু চিকিৎসালয়ৰ এটা দলে ৷ সমীক্ষা কৰা দলটোৰ নেতৃত্বত আছিল চিকিৎসালয়খনৰ আইচিইউৰ সঞ্চালক পেং জিয়ং ৷ জুলাই পৰ্যন্ত এই সমীক্ষা চলে ৷ যিসকল ৰোগীৰ ওপৰত পৰীক্ষা চলিছিল তেওঁলোকৰ গড় বয়স ৫৯ বছৰ আছিল ৷ ইয়াত দেখা যায় যে ক’ৰোনাৰ পৰা সুস্থ হৈ উঠা ১০০ জন ৰোগীৰ ভিতৰত ৯০ জনৰ ফুচফুচ ক্ষতিগ্ৰস্ত হৈছে ৷ অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড সঠিকভাৱে বিনিময় কৰিব পৰা নাই ফুচফুচে ৷ পেংৰ দলটোৱে ক’ৰোনাৰ পৰা সুস্থ হোৱা ৰোগীক ছয় মিনিট খোজ কাঢ়িবলৈ দিয়ে৷ তেতিয়া দেখা যায় এই ৰোগীসকলে ছয় মিনিটত ৪০০ মিটাৰ খোজ কাঢ়িব পাৰে ৷ য’ত সুস্থ মানুহে ৫০০ মিটাৰ খোজ কাঢ়িব পাৰে ৷ ডাঃ লিয়াং টেংজিয়াই জনায়, চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া কোনো কোনো ক’ৰোনা ৰোগী প্ৰায় তিনি মাহ অক্সিজেন যন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰে ৷ পৰীক্ষাৰ পৰা ইয়াকো দেখা গৈছে যে ক’ৰোনাৰ পৰা সুস্থ হৈ উঠা ১০০ জন ৰোগীৰ ভিতৰত ১০ জনৰ শৰীৰত এণ্টিব’ডি নাই ৷ ৫ শতাংশৰ আকৌ ক’ভিড-১৯ নিউক্লেইক পৰীক্ষা কৰি ৰিপৰ্ট নিগেটিভ আহিছে৷ কিন্তু ইমিউন’গ্লোবিউলিন এম (‌আইজিএম)‌ পৰীক্ষা কৰি ৰিপৰ্ট পজিটিভ আহিছে৷ তেওঁলোকক পুনৰ কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে ৷ উল্লেখ্য যে কোনো ব্যক্তি ক’ৰোনা ভাইৰাছত আক্ৰান্ত হ’লে তেওঁৰ দেহত প্ৰথমে যি এণ্টিব’ডি উৎপাদন হয় তাক আইজিএম বুলি কোৱা হয় ৷ আইজিএম পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ অহা মানে সেই ব্যক্তি ক’ৰোনাত আক্ৰান্ত হৈছিল ৷ কিন্তু এতিয়াও পৰীক্ষাত স্পষ্ট নহয় যে এই ৫ শতাংশ ৰোগী পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে নে নাই ৷ এই পৰীক্ষাত দেখা আন এক বিষয় হ’ল যিসকল এবাৰ ক’ৰোনাত আক্ৰান্ত হৈছে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে কমি গৈছে৷ উল্লেখ্য যে হুবেই প্ৰদেশৰ ৰাজধানী উহান ৷ এই প্ৰদেশত ৬৮,১৩৮ জন ক’ৰোনাত আক্ৰান্ত হৈছিল আৰু মৃত্যু হৈছিল ৪,৫১২ জন।

Leave A Reply