Breaking

সন্দেহজনক নাগৰৰিকৰ আগ্ৰাসন : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাত বেদখলৰ সন্দেহ

0 2,033

ৰাজ্যখনৰ বিভিন্ন জিলাত  প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে । এই সকল উচ্ছেদিত লোকে কলৈ গৈছে, কি খাইছে কাৰোৰে জ্ঞাত নহয় যদিও  পাৰ্শ্বৱৰ্তী অঞ্চলৰ   জিলা সমুহত  উচ্ছেদিত লোক সকলে  থিতাপি লোৱাৰ  তথ্য সম্প্ৰতি পোহৰলৈ আহিছে । এক নিৰ্ভৰযোগ্য সুত্ৰে জানিব পৰা মতে  ভিন্ন জিলাৰ একাংশ উচ্ছেদিত লোকে  ব্ৰহ্মপুত্ৰ বুকুৱেদি নাৱৰে আহি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে থিতাপি লোৱাৰ কথা জানিব পৰা গৈছে ।  এই সকল সন্দেহযুক্ত নাগৰিকে  যিকোনো  সময়ত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত  ৰাষ্ট্ৰীয় উদ্যান খনৰ মাটি বেদখল কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। জানিব পৰা মতে একাংশ লোকে বহ্নি জিলাৰ পৰা অহা লোক সকলক আশ্ৰয় দি উদ্যানৰ ভুমি বেদখল কৰাৰ পৰিকল্পনা কৰাৰ কথাও জানিব পৰা গৈছে । আনহাতে ৰাজ্যখনৰ উচ্ছেদিত লোকক  চৰকাৰ তথা স্থানীয় প্ৰশাসনে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও সেই সকল লোকক কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেদৰে সন্দেহ জনক নাগৰিকৰ আগ্ৰাসন ঘটিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ।

Leave A Reply