Breaking

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী পৰিসংখ্যা বিষয়া টুপুল শৰ্মাক নিলম্বন ।

0 551

নলবাৰী :

বৰ্তমানে দেশ তথা ৰাজ্যত কোভিড-১৯ দুৰ্যোগ চলি থকা সময়ত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ সকলো ধৰণৰ ছুটী বাতিল কৰা হৈছে । নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে জিলাখনৰ সকলো বিষয়া- কৰ্মচাৰীক ইতিমধ্যে কোনো ধৰণৰ ছুটী ন’লবলৈ লিখিত নিৰ্দেশ দিছিলে আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীক বিভিন্ন জৰুৰী কৰ্তব্যত নিয়োজিত কৰিছিলে । এই দুৰ্যোগৰ সময়ত কৰ্তব্যত গাফিলতি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলিও জনাই দিছিলে। এই দুৰ্যোগৰ সময়তো নলবাৰীৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী পৰিসংখ্যা বিষয়া টুপুল শৰ্মাই কৰ্তব্যত অনুপস্থিত থকা বুলি জানিব পাৰে উপায়ুক্ত গৰাকীয়ে । আৰু সেইমৰ্মে কৰ্তব্যত অবহেলা কৰাৰ কাৰণে নলবাৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া টুপুল শৰ্মাক তৎকালীন ভাবে কাৰ্যকৰী হোৱাকৈ অসম কোভিড- ১৯ অধিনিয়মৰ অধীনত নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে নিলম্বন কৰে ।

Leave A Reply