Breaking

সৌন্দৰ্য্য প্ৰতিযোগিতাত চুতীয়াৰ সাফল্য, Royal Teen Diva Universeৰ খিতাপ অৰ্জন ৰীমাৰ…

0 45

সৌন্দৰ্য্য প্ৰতিযোগিতাত ৰীমা চুতীয়াৰ সাফল্য ৷ Royal Teen Diva Universe ৰ খিতাপ অৰ্জন ৰীমাৰ৷ টেঙাখাত টিংৰাই চাৰিআলি খেৰেমীয়াৰ নিটু চুতীয়া আৰু ডলি চুতীয়াৰ সুযোগ্যা কন্যা তথা দুলিয়াজান অইল হাইয়াৰছেকেন্দ্ৰী স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী, নাম ৰীমা চুতীয়া ৷ সৰুৰে পৰা পঢ়া শুনা কৰি ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া হোৱাৰ মন থকাৰ লগতে সৌন্দৰ্য্য সাধনাৰ প্ৰতি থকা প্ৰৱল ধাউতি আৰু একাগ্ৰতাৰ ফলত যোৱা ডিচেম্বৰ মাহত মহাৰাষ্ট্ৰৰ মুম্বাই ফিল্মচিটিত অনুষ্ঠিত Royal Diva universe , season 2ত অসমৰ হৈ অংশগ্ৰহণ কৰি Royal teen Diva universeৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে এই গৰাকী প্ৰতিভাসম্পন্ন সৌন্দৰ্য্য প্ৰতিযোগীয়ে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন মঞ্চৰ সৌন্দৰ্য্যৰ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

বিশেষকৈ বিগত সময়ছোৱাত গুৱাহাটীত অনুষ্ঠিত হোৱা National Diva season 2 ত brand ambassador ,Maya queen of Assam ,Arohan Duliajan আদি কৰি বহু কেইটা বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এই গৰাকী উদীয়মান সৌন্দৰ্য্য প্ৰতিযোগীৰ এনে সফলতাৰ বাবে স্বাভাৱিকতে নিজৰ লগতে অঞ্চলটোলৈ গৌৰব কঢ়িয়াই অনাৰ বাবে বিভিন্নজনে অভিনন্দন জনোৱাৰ ওপৰিও ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ হৈ উপসভাপতি ত্ৰিদিপ চুতীয়াই ফুলাম গামোছাৰে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

Leave A Reply