Breaking

ঢকুৱাখনাৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰুৱাৰ মাতৃ স্বৰ্ণ বৰুৱাৰ বিয়োগ…

0 20

ঢকুৱাখনাৰ ঘিলামৰা থানাৰ অন্তৰ্গত মৰনৈ বেবেজীয়া অঞ্চলৰ বাটচ’ৰামুখ নিৱাসী ধৰ্মপ্ৰাণা মহিলা তথা ঢকুৱাখনাৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰুৱাৰ মাতৃ স্বৰ্ণ (বকুলি)বৰুৱাৰ আজি পূৱা প্ৰায়-৭.৩০ বজাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত বিয়োগ ঘটে।

মৃত্যুৰ সময়ত মহিলাগৰাকীৰ বয়স হৈছিল ৬৫ বছৰ। উল্লেখ্য যে মাজুলীৰ দিঘলী মুখত এক সাংস্কৃতিক পৰিৱেশত জন্মগ্ৰহণ কৰা আৰু ঢকুৱাখনাৰ তুলসীজান, দাংধৰা অঞ্চলত শিক্ষাগ্ৰহণ স্বৰ্ণ বৰুৱা গাভৰু কালত বিয়া নামৰ এগৰাকী ভাল নামতি আছিল।

সেই অভিজ্ঞতাৰ ভিত্তিতে তেওঁ মুখে মুখে প্ৰচলিত হৈ থকা প্ৰাচীন বিয়া নামবোৰ সংগ্ৰহ কৰি “বিয়া নামৰ হাঁচতি” নামৰে এখনি বিয়া নামৰ সংকলন প্ৰকাশ কৰি ঢকুৱাখনাৰ বৌদ্ধিক মহলত লেখিকাৰূপেও আত্মপ্ৰকাশ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ ইহ- সংসাৰত স্বামী পুত্ৰ,কন্যা, নাতি-নাতিনীৰ সৈতে অনেক আত্মীয় কুটুম্বক এৰি গৈছে। আজি স্বৰ্ণ বৰুৱাৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ মৰনৈ-বেবেজীয়া অঞ্চলতে শোকৰ ছাঁ পৰা দেখা যায়।

Leave A Reply