Breaking

স্বৰ্ণপীঠ মণ্ডলৰ মাণ্ডলিক পূৰ্ণাংগ নাট সমাৰোহ

0 1,058

অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাটক সমাৰোহৰ সফল সামৰণি পৰে। সোমবাৰে নিশা ১২.৪০ বজাত সামৰণি পৰা নাট সমাৰোহত স্বৰ্ণপীঠ মণ্ডলৰ অন্তৰ্গত জিলা শাখাৰ মুঠ আঠখন নাটক নিৰ্বাচিত হয় যদিও সমাৰোহত সাতখন নাটকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিশ্বনাথ জিলা নাট্য সন্মিলনৰ অন্তৰ্গত কলাবাৰী শাখা নাট্য সন্মিলন সহযোগত অনুষ্ঠিত স্বৰ্ণপীঠ মণ্ডলৰ পূৰ্ণাংগ নাট সমাৰোহ আৰু দ্বি-বাৰ্ষিক অধিৱেশনত দৰং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাৰ অন্তৰ্গত মুঠ ছয়খন জিলাৰ সাতটা নাট্য দলে অংশগ্ৰহণ কৰে। সোমবাৰে সন্ধ্যা ছয় বজাৰ পৰা অনুষ্ঠিত দ্বিতীয় নিশা নাট প্ৰতিযোগিতাৰ অন্তত  শ্ৰেষ্ঠ দলৰ বঁটা ঘোষণা কৰা হয়। ঘোষণা অনুসৰি মুঠ ১৭টা বঁটাৰ ভিতৰত ইংগিত ঘিলামৰা শাখাই সৰ্বাধিক বঁটা লাভ কৰিবলৈ সক্ষম হয়। ঘোষণা অনুসৰি ইংগিত ঘিলামৰা শাখাৰ মৈদাম’ শীৰ্ষক নাটকে শ্ৰেষ্ঠ নাট্য দলৰ বঁটা লাভ কৰাৰ বিপৰীতে দ্বিতীয় শ্ৰেষ্ঠ দল বঁটা লাভ কৰে জেংৰাই মঙ্গলদৈ শাখা নাটক ‘যোগ্য ভোগ্য বসুন্ধৰা’ই। শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰে বিশ্বজিত ডেকাৰ নাটক ‘যোগ্য ভোগ্য বসুন্ধৰা’ই। দ্বিতীয় শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আৰু শ্ৰেষ্ঠ নাট্যকাৰ বঁটা লাভ কৰে হৰেন শইকীয়াই, নাটক ‘মৈদাম’। শ্ৰেষ্ঠ অভিনেতা বঁটা ইংগিত ঘিলামৰা বাস্তৱ শইকীয়া (নাটক-মৈদাম)দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰে ৰাকেশ ডেকাই (যোগ্য ভোগ্য বসুন্ধৰা), শ্ৰেষ্ঠ অভিনেত্ৰী- লিপিকা দেৱী (সাপ আৰু ভেকুলী), দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা বিস্মিতা গগৈ (গিমিগ আৰু গিনিপিগ), শ্ৰেষ্ঠ সহঃঅভিনেতা মাধৱ কেওট (‘শৈশৱতে ধেমালিতে), শ্ৰেষ্ঠ সহঃঅভিনেত্ৰী অপৰূপা বৰা (উজনি বামুনৰ প্ৰেম কাহিনী), শ্ৰেষ্ঠ সংগীত পৰিচালক ভাস্কৰ শৰ্মা, নব চেতিয়া, (মৈদাম), শ্ৰেষ্ঠ পোহৰ নিৰ্দ্দেশনা কুলেন্দু ভূঞা(মৈদাম), শ্ৰেষ্ঠ ৰূপ সজ্জাকাৰ জিতুল কিশোৰ চুতীয়া(মৈদাম), শ্ৰেষ্ঠ মঞ্চ সজ্জাকাৰ নিপন পূজাৰী (শৈশৱতে ধেমালিতে), শ্ৰেষ্ঠ কৌতুক অভিনেতা কিশোৰ নাথ(সাপ আৰু ভেকুলী), কলাবাৰী অঞ্চলৰ সহস্ৰাধিক নাট্য প্ৰেমী ৰাইজৰ উপস্থিতত অনুষ্ঠিত উক্ত নাট প্ৰতিযোগিতা বিচাৰক হিচাপে দায়িত্ব পালন কৰে মুকুল ইডিপাছ, ভূপেন হাজৰিকা আৰু পৱিত্ৰ ৰাজখোৱাই।

দুয়োদিনতে সহস্ৰাধিক নাট্য প্ৰেমী দৰ্শকে জীপাল কৰা নাট সমাৰোহত ড০ পৰমানন্দ ৰাজবংশীৰ দ্বাৰা ৰচিত ‘উজনি বামুনৰ প্ৰেম কাহিনী’ গৌতম পাঠকৰ পৰিচালনাত তেজপুৰ শাখাই মঞ্চস্থ কৰে। ঠিক সেইদৰে ভৱ পূজাৰীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ‘নষ্ট পৰিক্ৰমা’ মঞ্চায়ন কৰে হাৱাজান শাখাই, হৰেন শইকীয়াৰ ৰচিত আৰু পৰিচালিত ‘মৈদাম’ মঞ্চস্থ কৰে ইংগিত ঘিলামৰা শাখাই, দেৱাশীষ বৰুৱাৰ ৰচিত আৰু পৰিচালিত ‘গিমিক আৰু গিনিপিগ’ মঞ্চস্থ কৰে কলাবাৰী শাখাই। ঠিক সেইদৰে বিশ্বজিৎ ডেকাৰ ৰচিত আৰু পৰিচালিত ‘যোগ্য ভোগ্য বসুন্ধৰা’ মঞ্চায়ন কৰে জেংৰাই মংগলদৈ শাখাই। অন্যহাতে প্ৰফুল্ল বৰাৰ ৰচিত আৰু ধৰ্মেন্দ্ৰ নাথৰ পৰিচালনাত ‘সাপ আৰু ভেকুলী’ মঞ্চস্থ কৰে পশ্চিম তেজপুৰ ব্ৰজনাথ শৰ্মা শাখাই। সেৱব্ৰত বৰুৱাৰ দ্বাৰা ৰচিত আৰু নিপন পূজাৰীৰ পৰিচালনাত ‘শৈশৱতে ধেমালিতে’ মঞ্চায়ন কৰে বিহপুৰীয়া শাখাই।

Leave A Reply