Breaking

উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বী হৈছে মুছলপুৰৰ ললিত

0 2,128

আৰ্থিক সমস্যাজর্জৰ বহু যুৱক-যুৱতী, পুৰুষ-মহিলাই বহিঃৰাজ্যৰ কোম্পানীত চাকৰি কৰি বা সৰু সুৰা কামৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ উপৰি নিজ ঘৰখন আৰ্থিক ভাৱে টনকিয়াল কৰি তোলাৰ চেষ্টা চলোৱা প্ৰায়ে দেখিবলৈ পোৱা যায় ৷

সমান্তৰালভাৱে বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ আন একাংশ যুৱক-যুৱতী, পুৰুষ-মহিলা বিপথে পৰিচালিত হোৱাৰ বহু উদাহৰণো আছে ৷ কষ্টোপাৰ্জিত ধনৰে আৰ্থিক ভাৱে টনকিয়াল হৈ পিছলৈ ব্যৱসায়-বাণিজ্য আৰম্ভ কৰি স্বাৱলম্বীতাৰ পথ বাছি লোৱাৰো বহু উদাহৰণ আছে ৷

বাক্সা জিলাৰ মুছলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুনবাৰী গাঁওৰ এনে এজন যুৱক হৈছে ললিত চন্দ্ৰ বড়ো ৷ উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শণ দেখুৱাইছে বাক্সাৰ এইগৰাকী যুৱকে ৷ তিনি বিঘা নিজা মাটিত আৰম্ভ কৰা বগৰী খেতিৰ পৰা বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লক্ষাধিক টকা ৷ 

বিগত তিনি বছৰ পূৰ্বে ললিত চন্দ্ৰ বড়োৱে কৃষি বিভাগৰ পৰা লাভ কৰিছিল উন্নত জাতৰ বগৰীৰ পুলি ৷ প্ৰায় তিনি বিঘা মাটিত তিনিশ জোপা বগৰী ৰোপন কৰি ললিত চন্দ্ৰ বড়োই বিগত বৰ্ষৰ ল’ক ডাউনৰ সময়চোৱাত বগৰী বিক্ৰী কৰি লাভ কৰিছিল এক লাখ টকা ৷

এইবছৰো বৰ্তমানলৈ বগৰী বিক্ৰী কৰি অৰ্ধ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিব দিছে ললিত চন্দ্ৰ বড়োৱে ৷ ললিতে জানিব দিয়া অনুসৰি এজোপা বগৰীত প্ৰায় বিশৰ পৰা পচিশ কিলো বগৰী উৎপাদন হয় ৷ প্ৰতি কিলো বগৰী চল্লিশ টকাৰ পৰা পঞ্চাশ টকা দৰত নিকাছী, মুছলপুৰ, বৰিমাখা, বৰমাকে ধৰি বিভিন্ন বজাৰত বিক্ৰী কৰি আহিছে ৷

তেওঁ লগতে জানিবলৈ দিয়া অনুসৰি বৰ্তমান জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰাও ব্যৱসায়ী আহি বড়োৰ ঘৰৰ পৰাই ক্ৰয় কৰি নিয়ে বগৰী। উল্লেখ্য যে উদীয়মান কৃষক ললিত চন্দ্ৰ বড়োৱে বগৰীৰ উপৰিও এবিঘা মাটিত ভোট জলকীয়া, তিনি বিঘা মাটিত আলু আৰু দহ বিঘা মাটিত সৰিয়হ খেতি কৰি স্বাৱলম্বীতাৰ নিদৰ্শণ দেখুৱাবলৈ সক্ষম হৈছে ৷ ললিত চন্দ্ৰ বড়োৰ পৰা অনুপ্ৰাণিত হৈ এতিয়া অঞ্চলটোৰ কেবাজনো লোকেও বগৰী খেতিৰ লগতে অন্যান্য কৃষি কৰ্মত জড়িত হৈ পৰিছে।

এক কথাত ললিত চন্দ্ৰ বড়োৱে অঞ্চলটোত এটা কৃষি বিপ্লৱৰ সূচনা কৰিছে। ললিত চন্দ্ৰ বড়োৰ দাবী চাকৰি সন্ধানী নিৱনুৱা যুৱক-যুৱতী সকলেও এই বগৰীৰ লগতে অন্যান্য নতুন চাহিদাযুক্ত ফলৰ খেতি কৰি স্বাৱলম্বিতাৰ পথ মুকলি কৰিব পাৰে । যি সময়ত বহু যুৱক-যুৱতীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ পিছত দৌৰিছে তেনে সময়ত অশিক্ষিত হৈয়ো পয়ত্ৰিছ বছৰীয়া ললিতে আৰ্থিকভাৱে কেৱল স্বাৱলম্বী হোৱাই নহয় উঠি অহা প্ৰজন্মক উপাৰ্জনৰ পথৰ সন্ধান দিওঁতাৰ উদাহৰণ হৈ পৰিছে ৷

ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ সময়তে ললিতৰ এই প্ৰচেষ্টাক সকলো একে মুখে প্ৰশংসা কৰিছে ৷ আনহাতে ল’ক ডাউনৰ প্ৰভাৱত বৰ্তমান বহু লোক আজি কৰ্মসংস্থাপনহীন, বহু যুৱক বাহিৰৰ পৰা আহি নিজ ঘৰত আৱদ্ধ হৈ আছে ৷

অসমৰ মাটি যিহেতু সাৰুৱা বুলি এক সুনাম আছে গতিকে চন পৰি থকা মাটিতে এনেধৰণৰ কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ যথেষ্ট থল আছে বুলি মত পোষণ কৰাৰ লগতে নিজা জৈৱিক পদ্ধতিৰে এই বাগান আগবঢ়াই নিয়াৰ কথা জানিব দিয়ে ললিতে ।

কোনো ধৰণৰ বেংকৰ পৰা ঋণ নোলোৱাকৈ নিজা একক প্ৰচেষ্টাৰে আগবঢ়াই নিয়া এই বগৰী খেতি আৰু বহুলভাৱে আগবঢ়াই নিয়াৰ আশা আছে বুলিও জানিবলৈ দিয়ে ললিত চন্দ্ৰ বড়োৱে ।

Leave A Reply