Breaking

“আজি মুখ খন মিঠা কৰক, কাইলৈৰ পৰা নিয়ম নামানিলে তিতা হ’ব”- ৰাজপথত চকলেট বিতৰণ আৰক্ষীৰ

0 119

আৰক্ষীয়ে ৰাজপথত বিতৰণ কৰিছে চকলেট। আজি মুখ খন মিঠা কৰক, কাইলৈৰ পৰা নিয়ম নামানিলে তিতা হ’ব। এইদৰে মৈৰাবাৰীত চকলেট বিতৰণ কৰি হেলমেট পৰিধান নকৰা লোকসকলৰ মাজত সজাগতা সৃষ্টিৰ এক ব্যতিক্ৰমী পদক্ষেপ লোৱা পৰিলক্ষিত হয় মংগলবাৰে।

মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসৰ নেতৃত্বত মংগলবাৰে বিয়লি বজাৰৰ মূল চ’কটোত বাইক আৰোহীসকলক ৰখাই প্ৰথমে এটিকৈ চকলেট দিয়ে আৰু অতি বিনম্ৰভাবে হেলমেট পৰিধান কৰাৰ বাবে অনুৰোধ জনায়।

বুধবাৰৰ পৰা নিয়ম উলংঘা কৰিলে জৰিমনা বিহা হ’ব বুলিও সতৰ্ক কৰি দিয়ে।

ইয়াৰোপৰি মৈৰাবাৰী বজাৰত যধেমধে চাৰিচকীয়া, দুচকীয়া বাহন, টমটম আদি ৰখাই থোৱাৰ ফলত সৃষ্টি হোৱা যানজঁট সমস্যা মষিমূৰ কৰিবলৈয়ো বিভিন্ন পদক্ষেপ লোৱা বুলি উল্লেখ কৰে আৰক্ষী বিষয়া গৰাকীয়ে।

আৰক্ষী বিষয়া পংকজ দাসৰ এনে ব্যতিক্ৰমী পদক্ষেপে মৈৰাবাৰী অঞ্চলত নিশ্চিতভাৱে নতুন পৰিৱেশ গঢ়ি উঠাটো খাটাং।

Leave A Reply