Breaking

তৈলক্ষেত্ৰ পুঁজিপতি গোষ্ঠীক দিয়াৰ প্ৰতিবাদত নাজিৰাত প্ৰতীকধৰ্মী প্ৰতিবাদ

0 55

নাজিৰা

চি পি আই আৰু কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন ফেডাৰেচনে শ্ৰমজীৱী জনগণে সন্মুখীন হোৱা সমস্যাসমূহৰ লগতে কেন্দ্ৰীয় চৰকাৰে দেশৰ সম্পদসমূহ পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ বিৰুদ্ধে সামাজিক দূৰত্ব বজাই ৰাখি দেশৰ লগতে নাজিৰাতো প্ৰতীকধৰ্মী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চি পি আইৰ নাজিৰা কাৰ্যালয় প্ৰাংগণত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে  প্ৰব্ৰজিত শ্ৰমিকসকলক নিজ ঘৰলৈ ঘূৰাই অনাৰ বাবে অধিক ৰে’ল আৰু বাছৰ ব্যৱস্থা কৰাৰ লগতে ১০ হাজাৰকৈ ভ্ৰমণ বানচ আদায় দিয়া, চৰকাৰে গ্ৰহণ কৰা শ্ৰমিকৰ কামৰ সময় ৮ ঘণ্টাৰ পৰা ১২ ঘণ্টালৈ বৃদ্ধি কৰা সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰা, তৈলক্ষেত্ৰ, কয়লাক্ষেত্ৰকে ধৰি ৰাজহুৱা খণ্ডসমূহ পুঁজিপতিক গতাই দিয়া সিদ্ধান্ত বাতিল কৰা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত সংঘটিত দুৰ্নীতি-কেলেংকাৰী তদন্ত দায়িত্ব চি বি আইক অৰ্পণ কৰা, দৰিদ্ৰ কৃষক শ্ৰমিক পৰিয়ালসমূহক পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদান কৰা, অখিল গগৈ সহিতে সকলো ‘কা’ বিৰোধী নেতাক শীঘ্ৰে মুক্তি দিয়া, এম এনৰেগা শ্ৰমিকৰ কৰ্ম দিন বৃদ্ধি কৰা লগতে সময়মতে মজুৰি পোৱাটো নিশ্চিতকৰা আৰু বৃদ্ধ-বৃদ্ধা, বিধৱা আৰু বিশেষভাৱে সক্ষম লোকৰ পেঞ্চন বৃদ্ধি কৰি সময়মতে পোৱাটো নিশ্চিত কৰাৰ দাবী জনায়৷ উপৰুক্ত দাবীসমূহৰ ভিত্তিত এই কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে উপৰুক্ত দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক দাবী জনাই লগতে কয় যে ক’ৰোনা সংকটৰ সময়ত লকডাউনৰ সুবিধা লৈ চৰকাৰে দেশৰ সম্পদবোৰ বিক্ৰী কৰাটো এক দেশ বিৰোধী সিদ্ধান্ত ৷ এই কাৰ্যই  চৰকাৰখনৰ দেউলীয়া অৱস্থাটোকে উদঙাই দিলে৷ ইমান দিনে অৰ্থনৈতিক সংস্কাৰৰ নামত পুঁজিপতি গোষ্ঠীকহে চৰকাৰে সহায় কৰি আহিলে৷ ইয়াৰ উদাহৰণ দেধাৰ আছে৷ প্ৰধানমন্ত্ৰীয়ে ২০ লাখ কোটি টকাৰ পেকেজে সৰ্বসাধাৰণক চুবহি নোৱাৰিলে৷ কেৱল ধনী পুঁজিপতিসকলক সহায় কৰা বাবেহে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী ঘোষণাত উলাই পৰিল৷ যি সময়ত ক’ৰোনা সংকটে দেশৰ অৰ্থনীতি বিধস্ত কৰিছে তেনে সময়ত দেশৰ সম্পদসমূহ ৰাষ্ট্ৰীয়কৰণৰ দাবী জনাই আহিছে৷ কিন্তু পুঁজিপতি ৰক্ষকৰ চৰকাৰে তৈলক্ষেত্ৰ কয়লা ক্ষেত্ৰসমূহ তেওঁলোকক গতাইহে দিছে৷ তেওঁ অন্যায়ভাৱে অখিল গগৈ সহিতে কা বিৰোধী নেতাসকলক শীঘ্ৰে মুকলি কৰিবলৈও দাবী জনায়৷ কাৰ্যসূচীত চি পি আই নাজিৰা মহকুমা পৰিষদৰ সম্পাদক যোগেন চেতিয়াসহ ভালেকেইজন বিষয়ববীয়াই অংশগ্ৰহণ কৰে৷

Leave A Reply