Breaking

আইমী বৰুৱা নির্মিত ডিমাচা ছবিলৈ টেগৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত সন্মান

0 2,728

ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিপর্যস্ত কৰা অসমীয়া ছবিজগতলৈ সুখবৰ কঢ়িয়াই আনিছে আইমী বৰুৱাই নির্মাণ কৰা ডিমাচা ভাষাৰ ‘ছেমখৰ’ নামৰ ছবিখনে৷ টেগৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত ছবিখনে আঁজুৰি আনিবলৈ সক্ষম হৈছে তিনিটাকৈ সন্মান৷প্রথমবাৰলৈ আইমী বৰুৱাই নির্মাণ কৰা এই ছবিখনে সর্বশ্রেষ্ঠ বর্ণনামূলক ছবি, সর্বশ্রেষ্ঠ নাৰী বিষয়ক ছবি আৰু শ্রেষ্ঠ নৱাগত ছবি নির্মাতাৰ সন্মান লাভ কৰিছে৷উল্লেখ্য যে ডিমাচা লোকসকলৰ জীৱনশৈলীৰ ওপৰত ভিত্তি কৰি এই ছবিখন তেওঁ নির্মাণ কৰিছে৷ এই ছবিখনৰ মুখ্য ভূমিকাত নিজেই অভিনয় কৰিছে নির্মাতা আইমী বৰুৱাই৷

Leave A Reply