Breaking

কাবুলত সাংবাদিকক আতিশয্য তালিবানৰ

0 2,059

আফগানিস্তানত তালিবানৰ শাসন মানিবলৈ অস্বীকাৰ কৰা নাগৰিকসকলে বিভিন্ন স্থানত প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে কাবুলস্থিত পাক দূতাৱাসৰ সন্মুখত মহিলাই সাব্যস্ত কৰা প্রতিবাদৰ সংবাদ পৰিৱেশন কৰাৰ অভিযোগত তালিবানে এইবাৰ সাংবাদিকসকলক আক্রমণৰ টার্গেট কৰি লৈছে৷ দুগৰাকী সাংবাদিকক কালি তালিবানে পাশৱিকভাৱে প্রহাৰ কৰা ঘটনাৰ ভিডিঅ’ তথা আলোকচিত্র সংবাদ মাধ্যমত মুকলি হোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ সাংবাদিকক এনেদৰে প্রহাৰ কৰা ঘটনাক গৰিহণা দিছে বিশ্বৰ বিভিন্ন সংগঠনে৷

Leave A Reply