Breaking

দহ দিন ধৰি নিৰুদ্দেশ তামুলপুৰৰ মাতৃ পুত্ৰ…

0 53

তামুলপুৰ থানাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত জোকমাৰী গাঁৱৰ এগৰাকী মাতৃ দহ বছৰীয়া পুত্ৰসহ দহ দিন ধৰি সন্ধানহীন হৈ আছে । এই ঘটনাই অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে জোকমাৰী গাঁও নিবাসী মুনীন্দ্ৰ দাসৰ পত্নী পম্পী দাস (৩১) , দুই পুত্ৰ সন্তান ক্ৰমে পৰাগ দাস (১০) আৰু অনুজ দাস (৭) ৰ সতে এখন সুখৰ সংসাৰ।

মুনীন্দ্ৰ দাসে জনোৱা মতে যোৱা ২৬ ফেব্ৰুৱাৰীত পম্পী দাসে কনিষ্ঠ পুত্ৰ অনুজ দাসক লগত লৈ বাইহাটা চাৰিআলিৰ শালমাৰাস্থিত মাতৃ গৃহলৈ যায় । স্বামী মুনীন্দ্ৰ দাসে পম্পী দাসৰ হাতত গাড়ী ভাড়াৰ লগতে হাত খৰছো দি পঠায় । ২৭ ফেব্ৰুৱাৰীত পম্পী দাসে দিনৰ ভাগতেই ৰঙিয়া পোৱা বুলি ফোনযোগে জনায় স্বামী মুনীন্দ্ৰ দাসক । কিছু সময় পিছত পম্পীয়ে পুত্ৰ অনুজৰ লগত দ্বাৰকুছি পোৱা বুলি স্বামী মুনীন্দ্ৰ দাসক ফোনযোগে জনায় ।কিন্তু বহু পলমকৈ ঘৰ আহি নোপোৱাত মুনীন্দ্ৰ দাস চিন্তিত হৈ পৰে আৰু ওলোটাই তেওঁলৈ ফোন কৰে । দুই তিনিবাৰ পম্পী দাসে ফোনটো ৰিচিভ নকৰাৰ পিছত মোবাইলটো চুইটছ অফ হৈ পৰে।

বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি পত্নী আৰু সন্তানৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে দুৰ্ভগীয়া মুনীন্দ্ৰ দাসে । উপায়হীন হৈ মুনীন্দ্ৰ দাসে গান্ধীবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। কোনো সদাশয় ব্যক্তিয়ে পম্পী দাস আৰু অনুজ দাসৰ সন্ধান পালে ৮১৩৪৯১৩২৯২ নম্বৰ নতুবা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ মুনীন্দ্ৰ দাস আৰু আত্মীয়ই অনুৰোধ জনাইছে।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

Leave A Reply