Breaking

অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত টংলাৰ স্বামী-স্ত্ৰী

0 165

মঙলবাৰে নিশা টংলাত সংঘটিত গুলীচালনাৰ ঘটনাই চৌদিশে চাঞ্চল্যকৰ বিৰাজ কৰিছে। জানিব পৰা মতে, মুখত কাপোৰ বান্ধি অহা চাৰি অচিনাক্ত যুৱকে কালি নিশা প্ৰায় এঘাৰ বজাত ব্যৱসায়ী গৌতম বৰুৱাৰ ঘৰৰ দৰ্জা ভাঙি প্ৰৱেশ কৰি তেওঁৰ লগতে পত্নী ববিতা বৰুৱাৰ ওপৰত গুলীচালনা কৰে। এই ঘটনাত টংলা জালুকবাৰীৰ নিবাসী ব্যৱসায়ী গৌতম বৰুৱা আৰু পত্নী গুৰুত্বৰভাৱে আহত হয়। চাৰি যুৱকে লৈ অহা মাৰনাস্ত্ৰৰে কৰা গুলীচালনাত দুয়োৰে হাটত গুলী লাগি আহত হয়।

উল্লেখ্য যে, এই ঘটনাৰ সময়ত পতি-পত্নীহালক বচাবলৈ চেষ্টা কৰা মানৱ ডেকা নামৰ এজন যুৱকো গুৰুতৰভাৱে আহত হয়। নিশাই আটাইকে ততাতৈয়াকৈ টংলা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি আটাইকেইজন সংকটমুক্ত বুলি জানিব পৰা গৈছে। ইফালে, ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকেই আৰক্ষীয়ে নিশাই প্ৰথমে চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। লগতে অচিনাক্ত বন্দুকধাৰীৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

Leave A Reply